চিন্তন শিবিৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত শ্ৰী শ্ৰী ৰবি শংকৰৰ অংশগ্ৰহণ

গোলাঘাট জিলাৰ কাজিৰঙাৰ বৰগছ ৰিজৰ্টত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চিন্তন শিবিৰৰ আজি দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰী আৰু আমোলাৰ উপস্থিতিত আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবি শংকৰে তেখেতৰ মূল্যবান প্ৰৱচন আগবঢ়ায় । তেওঁ অনুষ্ঠানত অংশ লোৱা মন্ত্ৰী, বিধায়ক আৰু বিষয়াসকলক উদ্দেশ্যি কয় যে হিংসামুক্ত সমাজ, ৰোগমুক্ত দেহ, বিভ্ৰান্তিমুক্ত মন, বাধাহীন জ্ঞান, আঘাতমুক্ত স্মৃতিশক্তি আৰু দুখমুক্ত আত্মা প্ৰতিজন ব্যক্তিৰ জন্মস্বত্ব অধিকাৰ । তেওঁ খঙক মানুহৰ এটা সহজাত প্ৰবৃত্তি বুলি উল্লেখ কৰি কয় যে এই খং চিৰস্থায়ী হ’লে ক্ষতিৰ আশংকা বাঢ়ি যায় । তেওঁ কয় যে আচলতে খং কৰি নিজকহে শাস্তি দিয়া হয়, কাৰণ খঙে মানুহৰ ইমানেই ক্ষতি কৰে যে ব্যক্তিসত্বাৰ মাজত থকা ইতিবাচক ধাৰণাসমূহ লোপ পাবলৈ আৰম্ভ কৰে । খঙক আটাইতকৈ মূল্যৱান হিচাপে আৰু হাঁহিক আটাইতকৈ কমখৰচী হিচাপে গণ্য কৰি জীৱনৰ পথত আগবাঢ়িবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় । তেওঁ ৰাজ্যখনৰ কৃষি ব্যৱস্থাৰ ব্যাপক উন্নয়ন হেতু “মাল্টি ক্ৰপিং” অৰ্থাৎ কেইবাবিধো শস্যৰ খেতি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ অসমৰ মানুহক ভাল আৰু শান্তিপ্ৰিয় বুলি প্ৰশংসা কৰে । আধ্যাত্মিক গুৰুগৰাকীয়ে মানসিক স্বাস্থ্য সবল কৰি ৰখাত গুৰুত্ব আৰোপ কৰি কয় যে ধ্যানে বহু সমস্যা সমাধানৰ পথ উলিয়াব পাৰে । তেওঁ সকলোকে পুৱা কাৰ্যালয়লৈ অহাৰ পূৰ্বে কিছু সময় ধ্যান কৰিবলৈ আহ্বান জনায় । আনহাতে উগ্ৰপন্থী সংগঠনৰ সদস্যসকলক মূল সুঁতিলৈ ওভতাই অনাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোৱা ভূমিকাৰ তেওঁ শলাগ লয় । তেওঁ কয় যে কেৱল কথা পাতিয়েই বহু সমস্যা সমাধান কৰিব পাৰি । তেওঁ বিষয়াসকলক উদ্দেশ্যি কয় যে অধিকাংশ সংঘাত আলোচনাৰ অভাৱৰ বাবে হোৱা দেখা যায় । তেওঁ কাৰ্যালয়ৰ যিকোনো বৰ্গৰ কৰ্মচাৰীসকলক হেয় জ্ঞান নকৰি এটা মানৱীয় সম্পৰ্ক ৰক্ষা কৰি ‘টিম’ হিচাপে কাম কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাবলৈ বিষয়াসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ কয় যে নিম্নবৰ্গৰ কৰ্মচাৰী এজনকো নিজৰ ধাৰণা আৰু চিন্তাসমূহ ব্যক্ত কৰাৰ সুযোগ দিয়া উচিত, কিয়নো কেতিয়াবা তেনে এজন কৰ্মচাৰীৰ পৰাই সৃজনীমূলক নব্য ধাৰণা ওলাই আহিব পাৰে । তেওঁ কয় যে যদি চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে নিজৰ কাম পেলাই নোথোৱাকৈ উদ্যমেৰে সময়মতে সম্পন্ন কৰে, তেনেহ’লে সমাজলৈ আমূল পৰিৱৰ্তন আহিব । আধ্যাত্মিক গুৰুগৰাকীয়ে উপস্থিত মন্ত্ৰী আৰু বিষয়াসকলৰ সৈতে এটা মত-বিনিময় কাৰ্যসূচীতো ভাগ লয় ।
কালিৰ কাৰ্যসূচীত কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস, শ্ৰীযুত অতুল বৰা, শ্ৰীযুত উৰ্খাও গৌৰা ব্ৰহ্ম, শ্ৰীযুত পৰিমল শুক্লবৈদ্য, শ্ৰীযুত কেশৱ মহন্ত, শ্ৰীযুত ৰনোজ পেগু, শ্ৰীযুত অশোক সিংহল, শ্ৰীযুত যোগেন মহন, শ্ৰীযুত সঞ্জয় কিষাণ, শ্ৰীযুতা অজন্তা নেওগ, শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা, শ্ৰীযুত পীযুষ হাজৰীকা, অসম চৰকাৰৰ মুখ্য সচিব শ্ৰীযুত পৱন কুমাৰ বৰঠাকুৰ আৰু ভালেসংখ্যক আমোলা-বিষয়া উপস্থিত আছিল ।
অনুষ্ঠানৰ অংশৰূপে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব চৈয়দ আব্বাচিয়ে উদ্যোগ, আন্তঃগাথঁনি আৰু উদ্ভাৱনী শীৰ্ষক বিষয় লৈ আন্তঃগাঁথনি খণ্ডৰ অন্তৰ্গত বিভিন্ন বিভাগৰ আলোচনাত অংশ লয় । আন্তঃগাঁথনি খণ্ডৰ অন্তৰ্গত কেইবাটাও বিভাগে অনুষ্ঠানত প্ৰেজেণ্টেচন আগবঢ়ায় । ইয়াৰ ভিতৰত লোকনিৰ্মাণ, শক্তি, জলসিঞ্চন, সংহত বান আৰু খহনীয়া প্ৰতিৰোধ ব্যৱস্থাপনা, জল জীৱন অভিযান, উদ্যোগ, পৰিবহণ আৰু তথ্য-প্ৰযুক্তি আদি খণ্ড অন্যতম । আটাইকেইটা বিভাগে যোৱা ৫ বছৰৰ কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে ২০২৬ চনত উপনীত হোৱাৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য সন্দৰ্ভত বিতং পৰিকল্পনা আৰু ইয়াৰ ব্যাখ্যা আগবঢ়ায় । তদুপৰি এই নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সন্মুখীন হ’ব পৰা সম্ভাব্য প্ৰত্যাহ্বানসমূহৰ বিষয়েও অৱলোকন কৰা হয় । আনহাতে ৰাজহ প্ৰশাসন সন্দৰ্ভত কৰ্ণাটকৰ জৰীপ, বন্দোৱস্তি আৰু ভূমি তথ্য বিভাগৰ আয়ুক্ত মুনিষ মৌদগীলে প্ৰেজেন্টেচন আগবঢ়ায় । অনুষ্ঠানত ইজ অৱ ডুয়িং বিজনেছ সন্দৰ্ভত অন্ধ্ৰ প্ৰদেশৰ মুখ্য সচিব সমীৰ শৰ্মা আৰু নগৰীয়া আন্তঃগাথঁনি আৰু নগৰ পৰিক্ৰমা বিষয় লৈ উত্তৰ প্ৰদেশৰ মুখ্য সচিব দুৰ্গা শংকৰ মিশ্ৰই প্ৰেজেণ্টেচন আগবঢ়ায় ।অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে ।

Comments (0)
Add Comment