জামুগুৰিহাটত অনুষ্ঠিত হ’ল ভাগৱত পাঠৰ অনুষ্ঠান

কভিড সৃষ্ট পৰিবেশৰ পৰা মুক্ত হৈ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ মহমাৰাপাৰ নিবাসী স্বৰ্গীয় তিল বাহাদুৰ কটুৱালৰ বাসগৃগত বিশ্ব শান্তিৰ কামনাৰে শ্ৰী বৈকুন্ঠ প্ৰাপ্তিৰ লগতে ভৱিষ্যতৰ সতি-সন্ততিৰ সনাতন সংস্কৃতিৰে সংস্কাৰ হোৱাৰ কামনাৰে এক সপ্তাহযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে শ্ৰী শ্ৰী মদ ভাগৱত পাঠ অনুষ্ঠান । উক্ত অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত মুখ্য আকৰ্ষণ এক লক্ষ্যাধিক বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীভাগ মঙলবাৰে সন্ধ্যা সম্পন্ন কৰে । উক্ত বন্তি প্ৰজ্বলন কাৰ্যসূচীভাগ পৰিয়ালৰ সকলোৰে শ্ৰী বৈকুন্ঠ প্ৰাপ্তিৰ আৰু ভৱিষ্যতৰ সতি-সন্ততিৰ সনাতন সংস্কৃতিৰ সংস্কাৰ হোৱাৰ লগতে পুৰ্বপুৰুষসকলৰ আত্মাই শান্তি পোৱাৰ কামনাৰে এই অনুষ্ঠানভাগ কৰা হয় বুলি জানিবলৈ দিয়ে । উক্ত অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ভাগৱত পাঠৰ মূল ব্যাখ্যা অলংকৃত কৰে আচাৰ্য্য পণ্ডিত শান্তিৰাম অধিকাৰী আৰু সহায় সহযোগ কৰে পণ্ডিত ৰুদ্ৰ প্ৰখেল, ক্ষেমৰাজ খতিবড়া, পুৰুহিত তথা সম্পূৰ্ণ যজ্ঞ পৰিচালক বালা কৃষ্ণ খতিবড়াৰ লগতে সমূহ সংগীবৃন্দসকলে । বৰ্তমানৰ নৱপ্ৰজন্মসকলে ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা কৰিলেহে সমাজত কু-সংস্কাৰৰ পৰা বিৰত থাকি এক শান্তি ভাৱধাৰাৰে সমাজখন নিকা কৰিব পাৰিব বুলি প্ৰবচক পণ্ডিত আচাৰ্য্য ৰুদ্ৰ প্ৰখেলে মন্তব্য কৰে । এক সপ্তাহযোৰা বিস্তৃত কাৰ্য্যসূচীৰে মাঙ্গলিক নিয়মৰ মাজেৰে উদযাপন কৰিলে ভাগৱত পাঠ অনুষ্ঠান।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment