জামুগুৰিহাটত আহোম জাতীয় মহাসভাৰ সংবাদমেল

আজি জামুগুৰিহাটত আহোম জাতীয় মহাসভাৰ সভাপতি সুন্দৰ জ্যোতি লাহনে এক সংবাদ মেল আহ্বান কৰে। সংবাদ মেলত আহোম জাতীয় মহাসভাৰ কামৰূপ জিলাৰ মহানগৰ সমিতি খন গঠন কৰাৰ কথা ব্যক্ত কৰে।আহোম জাতীয় মহাসভাৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সভাত মানচাও ভূৱন চেতিয়াক সভাপতি আৰু মানচাও হেমচন্দ্ৰ গগৈক সম্পাদক হিচাপে লৈ ৩১ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়। উল্লেখ্য যে এই সমিতিত কেইবাগৰাকীও মহিলাক কামৰূপ মহানগৰ সমিতিত বিষয় বাব প্ৰদান কৰা হয় বুলি কেন্দ্ৰীয় সমিতিৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰোপৰি তেওঁ ঐতিহাসিক ৬০০বছৰীয়া আহোম জাতীয় মহাসভাক পুনৰ প্ৰতিষ্ঠা কৰাৰ কথা চিন্তা কৰি থকা বুলি উল্লেখ কৰি ২০২০চনৰ পৰা অসমৰ ভিন্ন প্ৰান্তত অসম জাতীয় মহাসভাৰ সমিতি সমুহ গঠন কৰি থকা হৈছে বুলি কেন্দ্ৰীয় সমিতিৰ সভাপতি গৰাকীয়ে জানিবলৈ দিছে।
বাতৰি যুগুতালে ৰাতুল হাজৰিকাই

Comments (0)
Add Comment