জামুগুৰিহাটত উলহ মালহৰে টিজ উৎসৱ পালন

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ গমেৰিপাল প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত আজি পোনপ্ৰথমবাৰৰ বাবে গমেৰিপাল মহিলা সমিতিৰ সৌজ্যনত গোৰ্খা সম্প্ৰদায়ৰ মহিলা সকলে বহু উলহ মালহৰে টিজ উৎসৱ পালন কৰে ৷ উল্লেখ্য যে বাৰিষা খেতি পথাৰ সামৰাৰ অন্তত গোৰ্খা সম্প্ৰদায়ৰ বিয়া দিয়া জীয়ৰি সকলক মাতৃৰ গৃহলৈ মাতি আনি পিতৃ-মাতৃয়ে এসাজ ভালকৈ আনন্দ ফুৰ্তিৰে আপ্যায়ন কৰাটো এই উৎসৱৰ এক প্ৰধান উদ্দেশ্য ৷ গোৰ্খা সম্প্ৰদায়ৰ সকলো জীয়ৰী পিতৃ গৃহত থাকি স্বামীৰ দীৰ্ঘজীৱন কামনা কৰি সম্পূৰ্ণ এদিন ব্ৰত পালন কৰি পিচদিনা গাৱৰ সকলো মহিলা একত্ৰিত হৈ টিজ পূজা তথা উৎসৱ পালন কৰে ৷ এই টিজ উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন প্ৰান্তত মহিলা সকলে বিভিন্ন ধৰণে সাংস্কৃতিক কাৰ্য্যসুচীও ৰূপায়ন কৰাৰ লগতে ৮০ উৰ্দ্ধৰ তেৰ গৰাকী বয়োজেষ্ঠ আই মাতৃক সম্বৰ্ধনাও জ্ঞাপন কৰে । আজি জামুগুৰিহাটৰ গমেৰিপালৰ গঞাঁ মহিলা সকলেও এইদৰে এদিন সম্পূৰ্ণ ব্ৰতত থাকি আজি বহু উলহ মালহৰে টিজ উৎসৱ পালন কৰা দেখা গৈছে ৷ গোৰ্খা সম্প্ৰদায়ৰ মহিলা সকলে পালন কৰা এই টিজ পূজা তথা উৎসৱৰ লগত বহু ঐতিহাসিক কাহিনী জৰিত থকাৰ বিষয়ে জানিব পৰা গৈছে ৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment