জামুগুৰিহাটৰ ইটাখোলাৰ এজন যুৱকৰ অভিনৱ প্ৰচেষ্টা – উদ্যোগিক প্ৰতিষ্ঠানৰ জৰিয়তে দেখুৱাইছে স্বাৱলম্বীতাৰ নিদৰ্শন

সমগ্ৰ ৰাজ্যত ক’ৰণা মহামাৰীৰ ভয়াবহ পৰিস্থিতিৰ বাবে বহু লোক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে । তেনে সময়তে বহি ৰাজ্য বাঙ্গালোৰত কৰ্মৰত হৈ থকা অসমৰ এজন যুৱক তথা বৰ্তমান জামুগুৰিহাটৰ ধোবাকটাস্থিত ৬ নং বৰা নিবাসত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ আদৰ্শৰে আমাৰ পথাৰ, আমাৰ বজাৰ শ্লো-গানেৰে নিজৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা পি জে বি এন্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰ প্ৰণৱ জ্যোতি বৰাই অত্যাধুনিক মেছিনৰ জৰিয়তে নিজৰ বাসগৃহত বাল্ব, লং, মচলা, ড্ৰাই ফ্ৰুইটছ, সৰিয়হ, হালধি গুড়া, ডালচেনি, ষ্টিলৰ বাচোন ধোৱা জিম, কাজু, খিচমিচ, নাৰিকল, বাডামৰ লগতে বিভিন্ন সামগ্ৰী পেকেটিং কৰি নিজেই অৰ্ডাৰ লৈ বজাৰ তথা স্থানীয় অঞ্চলৰ দোকান সমূহত হলছেলত সামগ্ৰীসমুহ বিক্ৰী কৰি অসমীয়া যুৱকজনে নিজেই স্বাৱলম্বীতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে । বৰ্তমান তেওঁ হাজাৰজনৰ বাবে এক কৰ্ম সংস্থাপনৰ আদৰ্শ হৈ পৰিছে । প্ৰণৱ জ্যোতি বৰাই জানিব দিয়া মতে মিনি লকডাউনৰ সময়ত নিজেই ঘৰতে আৱদ্ধ থাকি বৰ্তমান মই বিশুদ্ধতাৰে মানৱ জীৱনৰ শৰীৰত যি লাগতিয়াল খাদ্য সামগ্ৰীয়ে কোনো ধৰণৰ বেমাৰ নোহোৱাকৈ সম্পূৰ্ণ নিৰোগী হোৱাৰ ক্ষেত্ৰত যি খাদ্য সামগ্ৰী লাগতিয়াল সেই উদ্দেশ্য লক্ষ্য ৰাখি মই এই বিশেষ উদ্যোগ প্ৰতিষ্ঠানটো আৰম্ভ কৰি বৰ্তমান মই নিজেই স্বাৱলম্বীতাৰ পথ বাচি লৈ প্ৰায় ১০ গৰাকী যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিবলৈকো সক্ষম হৈছো । বাঙ্গালোৰত কৰ্মৰত অৱস্থাত থাকোঁতে অসমীয়া যুৱকজনক সাক্ষাৎ কৰি এনে যোগাত্মক কৰ্মৰ বাবে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিশেষভাবে অভিনন্দন জ্ঞাপন কৰে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment