জামুগুৰিহাটৰ পাঁচমূখ আৰু গুটিবাৰীত উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্তন মহোৎসৱৰ এক লক্ষাধিক বন্তি প্ৰজ্বলনৰ বৃহৎ অনুষ্ঠান সম্পন্ন

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বালিজুৰিস্থিত পাঁচমূখ শিৱ মন্দিৰ প্ৰাঙ্গন আৰু ইটাখোলাৰ গুটিবাৰী অঞ্চলত বিশ্ব শান্তিৰ হকে উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্তন সমিতিৰ সৌজ্যনত ৬৪ সংখ্যক বাৰ্ষিক অখণ্ড হৰি কীৰ্তন মহোৎসৱৰ বৃহৎ কাৰ্যসূচী এক লক্ষাধিক বন্তি প্ৰজ্বলন বৃহস্পতিবাৰে সন্ধ্যা সম্পন্ন হয় ৷পাঁচমূখৰ এই অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱ উত্তৰ জামুগুৰি হৰি কীৰ্তন সমাৰোহৰ সৌজন্যত পশুপতি কীৰ্তন সংঘ, পূৰ্ণিমা মহিলা কীৰ্তন সংঘ, গনেশ কীৰ্ত্তন সংঘ আৰু গায়েত্ৰী মহিলা কীৰ্তন সংঘৰ সহযোগত অনুষ্ঠিত হোৱাৰ লগতে বৃহৎ হৰি কীৰ্তন মহোৎসৱত পুৰুষ মহিলাৰ প্ৰায় ১২০ টা কীৰ্তন দলে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সভাপতি দেৱ নায়ক অধিকাৰী আৰু সম্পাদক দোৰ্ণ শৰ্মাই ৷ ইয়াৰোপৰি চতিয়া সমষ্টিৰ অন্তৰ্গত বালিজুৰিস্থিত গুটিবাৰী নামঘৰ প্ৰাঙ্গনত বিশ্ব শান্তিৰ হকে উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্তন সমিতিৰ সৌজ্যনত ৬৪ সংখ্যক বাৰ্ষিক অখণ্ড হৰি কীৰ্তন মহোৎসৱতো সন্ধ্যা এক লক্ষাধিক বন্তি প্ৰজ্বলন কৰে । বিশ্ব শান্তি তথা অঞ্চলত অপায় অমংগল নাশ হ’বলৈ এক লক্ষাধিক বন্তি প্ৰজ্বলন কৰি অঞ্চলজুৰি পোহৰাই তোলা দেখা যায়।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment