জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিৰ সভা আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন

জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিৰ এখন সভা আৰু সম্বৰ্ধনা অনুষ্ঠান আজি ডিগবৈৰ এক নং গোলাইত সম্পন্ন হৈ যায়। সভাপতি সীমান্ত চেতিয়াই সঞ্চালনা কৰা সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰি পৰিচালনা কৰে সাধাৰণ সম্পাদক মনোৰঞ্জন মৰানে।সভাত জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিৰ ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে আলোচনা কৰাৰ লগতে সামাজিক সমস্যা সমূহ কিদৰে সমাধান কৰা হ’ব তাক বিশদ আলোচনা কৰা হয়। সভাত উপস্থিত থাকি জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক সদস্য তথা তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা ৰূপম কাকতিয়ে বাৰ্ষিক কৰ্মসূচী প্ৰস্তুত সম্পৰ্কে উল্লেখ কৰে।
সভাত উপ সভাপতি অদীত গগৈ, সদস্য মাইনু মৰাণ আদিয়েও বক্তব্য প্ৰদান কৰা সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইপিনে, আজি ডিগবৈৰ জ্যেষ্ঠ সাংবাদিক, আছুৰ প্ৰাক্তন নেতা তথা অসম আন্দোলনৰ কৰ্মী নিখিল বৰকটকীক জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধনা পত্ৰ, কিতাপ আদিৰে জ্যেষ্ঠ সাংবাদিক গৰাকীক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক নিখিল বৰকটকীয়ে জ্যেষ্ঠজনক সন্মান প্ৰদৰ্শন কৰি জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ তিনিচুকীয়া জিলা সমিতিয়ে নিজৰ কৰ্মৰ পৰিচয় দিয়া বুলি উল্লেখ কৰি এনে কাৰ্যক শলাগ লয়।

Comments (0)
Add Comment