জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’ল’জীয়ে আগবঢ়াইছে ‘এনুৱেল ডিজাইন এৱাৰ্ডছ ২০২১

আমি যিহেতু এতিয়া ডিজিটেল অনুষ্ঠানৰ পৰা কিছু সকাহ পাইছো, গতিকে এই সময়ছোৱাত জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’ল’জীৰ শিক্ষাৰ্থীসকলৰ বাবে এক উত্তম অনুষ্ঠান মুকলিৰ আয়োজন কৰা হয়, য’ত তেওঁলোকে নিজৰ সৃষ্টিশীল চিন্তাৰ প্ৰদৰ্শন কৰিব পাৰে। এবছৰ বিৰতিৰ পিচত জে ডি ইনষ্টিটিউটে ১৮ ডিচেম্বৰত আই টি এ মাছখোৱাত অনুষ্ঠিত কৰে এনুৱেল ডিজাইন এৱাৰ্ডছ। জে ডি ইনষ্টিটিউটৰ সম্ভাৱনাপূৰ্ণ ডিজাইনাৰ সকলৰ উদ্ভাৱনৰ সৈতে এই অনুষ্ঠানক সাফল্যমণ্ডিত কৰি তোলা হয়। ১৬ টা বছৰৰ সফল যাত্ৰা সম্পূৰ্ণ কৰা গুৱাহাটীৰ জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন’ল’জী হৈছে ভাৰতৰ অন্যতম অগ্ৰণী ফেশ্বন ইনষ্টিটিউট। ২০০৬ চনত প্ৰতিষ্ঠা লাভ কৰা এই ইনষ্টিটিউটখনে কলা আৰু ডিজাইনৰ ক্ষেত্ৰখনত অগ্ৰণী ভূমিকা পালন কৰি আহিছে । চন্দ্ৰকান্ত দালাল (অধ্যক্ষ) আৰু আৰ চি দালালে (ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলৰ কাৰ্যবাহী সঞ্চালক আৰু সহ-প্ৰতিষ্ঠাপক) ১৯৮৮ চনত প্ৰতিষ্ঠা কৰিছিল এই ইনষ্টিটিউটখন। শিক্ষাৰ্থী সকলৰ বাবে এতিয়াও এই প্ৰতিষ্ঠানখন ব্যাপক সম্ভাৱনাৰ এক প্লেটফৰ্ম হিচাপে পৰিগণিত হৈ আছে ।
জে ডি ইনষ্টিটিউটৰ সঞ্চালক সুমিতা দে ডেকাই এনুৱেল এৱাৰ্ডছৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় – “ইন্টেৰিঅ’ৰ ডিজাইন আৰু ফেশ্বন ডিজাইনৰ পেছাদাৰী ক্ষেত্ৰখনত শিক্ষাৰ্থীসকলক আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা যোগোৱাই হৈছে এই অনুষ্ঠানৰ লক্ষ্য ।“ শিক্ষাৰ্থীসকলক উৎসাহিত কৰিবলৈ ইয়াত শ্ৰেষ্ঠ কালেকচন, শ্ৰেষ্ঠ ডিজাইন, অপূৰ্ব কালেকচন, উদ্ভাৱনী কালেকচন, কমাৰ্চিয়েলি ভায়েবল ডিজাইন আৰু শ্ৰেষ্ঠ প্ৰদৰ্শনৰ দৰে সন্মান প্ৰদান কৰা হয় ।‌ এই বঁটা প্ৰদান অনুষ্ঠানৰ থীম আছিল “কেঅ’ছ”। এই অনুষ্ঠানত উপস্থিত থাকে ফিউচাৰ গ্ৰুপ ৰিটেইল-চেন্ট্ৰেলৰ ভিজুৱেল মাৰ্চেণ্ডাইজাৰ বিভাগৰ আঞ্চলিক মুৰব্বী চেতন শৰ্মা, ডিজাইন এণ্ড ডেভেলপমেন্টৰ আৰ্কিটেক অৰূপ কুমাৰ দাস আৰু ইন্টেৰিঅ’ৰ ডিজাইনাৰ ৰাজেশ আগৰৱাল।শিক্ষাৰ্থী সকলৰ দ্বাৰা প্ৰদৰ্শন কৰা কালেকচনৰ বিচাৰ কৰে এইকেইগৰাকী লোকে। শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা কালেকচনৰ ভিতৰত আছিল দ্ৰৌপদী, লে ডেষ্ট্ৰয়, বাৰ্ণ এছথেটিক, হাৰ্মাফ্ৰডিটাছ, ছাংগাই এৰে, ৰাফিয়ান, ক’লছেন্স, মোড আৰ্ক, ইউনাইটেড ফ্ৰেগমেন্ট, নো ষ্ট্ৰিংগছ এটাচড, কেঅ’ছ টু কাম, ষ্টাৰ গ্ৰেচ, টেলছ অৱ নৱৰত্ন, বিনাশ ছে হি সৃষ্টি কা আৰম্ভ হে’, কেঅ’ছ অব দা অচেন, ভ্লেগছৰ’ক, কো-ভিয়েট্ৰিক্স আৰু অৰিঅ’ন ইত্যাদি।

Comments (0)
Add Comment