টাৱাং মহোৎসৱ এক প্ৰয়াস

পৰ্যটন ক্ষেত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে অৰুণাচল চৰকাৰৰ পৰ্যটন বিভাগ আৰু স্থানীয় প্ৰশাসনৰ সহযোগত কালিৰে পৰা ২৩ অক্টোবৰ লৈকে টাৱাংত “টাৱাং মহোৎসৱ” অনুষ্ঠিত হ’ব। এই টাৱাং মহোৎসৱত ৰাজ্যখনৰ সাংস্কৃতিক আৰু জনজাতীয় পৰম্পৰাক তুলি ধৰিব।

স্থানীয় মনপা জনজাতি, আপাটানি, নিছি, খামটি আদি লোক সকলৰ খাদ্য সম্ভাৰৰ লগতে পৰম্পৰাগত সাজ পোছাক, অলংকাৰ আদি প্ৰদৰ্শনৰ লগতে বিক্ৰীৰো ব্যৱস্থা থাকিব। এই অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেছেডৰ জন অব্ৰাহামে অংশ গ্ৰহণ কৰিব। ইতিমধ্যে এই মহোৎসৱৰ আনন্দ ল’বলৈ স্কটলেণ্ড, জাৰ্মানী, হলেণ্ড আদিৰ পৰা বহু বিদেশী পৰ্যটকৰ আগমন হৈছে। প্ৰকৃতিৰ ৰম্যভূমি টাৱাংত মুক্ত আকাশৰ তলত সেই বিশেষ দিনকেইটা উপভোগ কৰিবৰ পৰাকে অত্যাধুনিক কেম্পৰ ব্যৱস্থা আছে।

ইয়াৰ পৰ্যটক সকলৰ যাতায়তৰ বাবে সু ব্যৱস্থা আছে। নুন্যতম ২৫০০ – ৩০০০ টকাৰ পৰা অধিকতম ২০,০০০ টকা বাজেটত থকা যাতায়ত কৰাৰ বাবে info.kitemanja@gmail.com ত যোগাযোগ কৰিব পাৰে। এই মহোৎসৱত বৌদ্ধ ধৰ্মীয় লোক সকলৰ শান্তি বাণীৰ বিলোৱা এক উল্লেখযোগ্য অনুষ্ঠিত হ’ব। আনহাতে কালিৰে পৰা মেঘালয়ৰ শ্বিলংত অনুষ্ঠিত হ’ব NH-7 ফেষ্টিভেল । আশা কৰা হৈছে এনে ধৰণৰ ফেষ্টিভেল উত্তৰ পূৰ্বলৈ পৰ্যটনৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব।    

Comments (0)
Add Comment