টীয়কত জল সম্পদ বিভাগৰ অধীক্ষক জাঁজী নদীৰ খহনীয়া পৰিদৰ্শন

আজি টীয়কৰ জাঁজী নদীৰ খহনীয়া অঞ্চল সমুহ পৰিদৰ্শন কৰে অধীক্ষক অভিযন্তা প্ৰবীন ভূঞা , কাৰ্যবাহী অভিযন্তা দিগন্ত শৰ্মাই । জাঁজী দলংৰ পৰা তামুলিছিগা হৈ বনাই লৈকে দোয়ো পাৰৰ মাথাউৰি পৰিদৰ্শন কৰে । গড়াখহনীয়া অঞ্চল সমূহত খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰাথমিক ব্যৱস্থা গ্ৰহন কৰিবলৈ নিৰ্দেশ দিয়ে।
পৰৱৰ্তীকালত এই খহনীয়া অঞ্চলৰ সমূহৰ স্থায়ী ব্যৱস্থা গ্ৰহনৰ বাবে প্ৰাককলন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।দিনযোৰা কাৰ্যসূচীৰে টীয়কৰ জাঁজী নৈ-পৰীয়া ৰাইজৰ অৱস্থা বুজ লবলৈ আহি এই মন্তব্য জল সম্পদ বিভাগৰ বিষয়ববীয়াৰ। আজি টীয়কৰ বিভিন্ন প্ৰান্তত পৰিস্থিতিৰ বুজ লোৱাৰ সমান্তৰালভাৱে বিয়লি বনাইৰ খহনীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷ প্ৰথমে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ জাঁজী নদীৰ দলংৰ পৰা তামুলিছিগা দলংলৈ কেইবাটাও খহনীয়া অঞ্চল পৰিদৰ্শন কৰাৰ লগতে স্থানীয় লোক সকলৰ লগত মত বিনিময় কৰে ৷ ইয়াৰ পিছতেই সমষ্টিটোৰ ধনতুলা , বনাই অঞ্চলত নদীখনে অব্যাহত ৰখা খহনীয়া স্থান সমূহ পৰিদৰ্শন কৰে ৷
অঞ্চল কেইটা পৰিভ্ৰমণ কৰি জাঁজী নদীখনে ভাবুকি সৃষ্টি কৰা দুটাকৈ মথাউৰি প্ৰতিৰোধৰ ব্যৱস্থা কৰা আৰু বৰ্তমান অব্যাহত থকা নদীখনৰ খহনীয়া ৰোধৰ বাবে প্ৰাথমিক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে ৷ এই ক্ষেত্ৰত অগপৰ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া আৰু যোৰহাট জিলা সম্পাদক দ্বিপেন শইকীয়াইও অঞ্চলৰ খহনীয়াগ্ৰস্ত ঠাই সমূহ পৰিদৰ্শন কৰি স্থায়ী সমাধানৰ চেষ্টা কৰিব বুলি ৰাইজক আশ্বাস দিয়ে ৷ ইয়াৰোপৰি নদীখনৰ খহনীয়া ৰোধৰ ক্ষেত্ৰত ৰূপায়ন হোৱা সকলো আঁচনি সঠিক ৰূপত ৰূপায়িত হয় সেই বিষয়ত তীক্ষ্ণ দৃষ্টি ৰাখিব বুলি সংবাদ মাধ্যম জানিবলৈ দিয়ে।
খবৰ যুগুতালে অমৃত দত্তই..

Comments (0)
Add Comment