টীয়কত প্ৰশাসনে কন্টেইমেন্ট জ’নত বিলালে খাদ্য সামগ্ৰী

দিনক দিনে ক’ৰণাৰ গণ সংক্ৰমণ বিশেষকৈ গ্ৰাম্যাঞ্চলত বৃদ্ধি পাইছে।যোৱা সপ্তাহটোত ইতিমধ্যে টীয়কৰ কেইবাখনো গাঁৱ কন্টেইমেন্ট জ’ন হিচাপে প্ৰশাসনে ঘোষণা কৰিছে।কিন্তু এই ঘোষণাৰ লগে লগে অঞ্চলসমূহত বিশেষকৈ খাদ্যসামগ্ৰীৰ নাটনি হোৱা পৰিলক্ষিত হৈছে। যিহেতু সকলো ঘৰতে আৱদ্ধ হৈ আছে সেয়ে ৰাইজ এতিয়া বজাৰ সমাৰ কৰিবলৈ তথা দিন হাজিৰা কৰি খোৱা পৰিয়ালসমূহ বৰ্তমান নানা সমস্যাৰ সন্মুখীন হৈছে।এনেবোৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি টীয়কৰ বনাই ৰবি গাঁৱত কোৱাৰেনটাইন হৈ থকা আৰ্থিকভাৱে দূৰ্বল প্ৰায় ৫৩ টা পৰিয়ালক চাউল দাইল আলু পিয়াজ তেলকে ধৰি বিভিন্ন খাদ্যসামগ্ৰী টীয়কৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লীনা পাৱে,যুটীয়া চক্ৰ বিষয়া পলাক্ষী বৰা তথা লাত মণ্ডল আৰু চৰকাৰী গাঁওবুঢ়াৰ উপস্থিতত বিতৰণ কৰে আৰু স্বাস্থ্যৰ বুজ লৈ সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনায়।লগতে পৰৱৰ্ত্তী পৰ্য্যায়ত কোনো পৰিয়াল থাকি গ’লে পুনৰ সামগ্ৰী বিতৰণ কৰা হ’ব বুলি অৱগত কৰে।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে..

Comments (0)
Add Comment