ডিগবৈ প্ৰেছ ক্লাবৰ অধিবেশন সম্পন্ন-নতুন সমিতি গঠন

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত  তৈল নগৰী ডিগবৈ অঞ্চলৰ ১৯৯০ চনত গঠিত অন্যতম সাংবাদিক সংগঠন ডিগবৈ প্ৰেছ ক্লাবৰ দ্বিবাৰ্ষিক অধিবেশন খনি আজি দিনযোৰা কাৰ্য্যসূচীৰে ডিগবৈ প্ৰেছ ক্লাবৰ প্ৰাংগনত অনুষ্ঠিত হয়। পুৱা ভাগত পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি ৰমনি বুঢ়াগোহাঁই আৰু স্মৃতি তৰ্পণ কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সম্পাদক মনোৰঞ্জন দাসে।ক্লাবৰ সম্পাদক অৰূপ কলিতাই আঁত ধৰা অনুষ্ঠানত প্ৰেছ ক্লাবৰ প্ৰয়াত সাংবাদিক সকলৰ স্মৃতিত স্মৃতিচাৰণ কৰে ক্লাবৰ প্ৰাক্তন সম্পাদক ৰাজু হাজৰিকাই।
 
 
ইয়াৰ পিছতেই ডিগবৈ প্ৰেছ ক্লাবৰ সভাপতি ৰমনি বুঢ়াগোহাঁই সভাপতিত্বত অনুষ্ঠিত প্ৰতিনিধি সভাত অৰূপ কলিতাই সম্পাদকীয় প্ৰতিবেদন আৰু ৰণু হাজৰিকাই বিত্তীয় প্ৰতিবেদন পাঠ কৰে। সভাত ডিগবৈ প্ৰেছ ক্লাবৰ নামত সাংবাদিক কল্যাণ ন্যাস এটি গঠন, প্ৰেছ ক্লাবৰ এটি স্থায়ী কাৰ্য্যালয়ৰ নিৰ্মাণৰ বাবে এডোখৰ মাটিৰ ব্যৱস্থা কৰা, সাংবাদিকৰ বিভিন্ন সমস্যা আৰু ডিগবৈ অঞ্চলৰ বিভিন্ন সামাজিক সমস্যা সন্দৰ্ভত ডিগবৈ আই অ চিত এক স্মাৰক পত্ৰ প্ৰদান কৰা বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।
ইয়াৰ পিছতে বিষয় বাচনি সভাত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ড৹ ঋষি দাশ , সম্পাদক ৰাণাজ্যোতি নেওগ , অসম বাৰ্তাজীৱি সংঘৰ দক্ষিণ পূৰ্ব মণ্ডলৰ উপসভাপতি কমল তালুকদাৰ , জিলা সন্থাৰ সহকাৰী সম্পাদক উমেশ সিং, কাৰ্যনিৰ্বাহ সদস্য হেমন্ত শইকীয়া পৰ্যবেক্ষক ৰূপে উপস্থিত থাকে।
 
 
উক্ত বিষয় বাচনি সভাত ২০২০-২০২২ বৰ্ষৰ বাবে ৰাজু হাজৰিকাক সভাপতি, অৰূপ কলিতাক উপসভাপতি ,মনোৰঞ্জন দাসক সাধাৰণ সম্পাদক , আৰমাণ আলিক সহকাৰী সম্পাদক,ৰণু হাজৰিকাক কোষাধ্যক্ষ ৰূপে লৈ এখনি শক্তিশালী সমিতি গঠন কৰে।
খবৰ যুগুতালে ডিগবৈৰ পৰা হীৰা ফুকনে..

Comments (0)
Add Comment