ডিব্ৰুগড়ত ছাব-জুনিয়ৰ ৰাজ্যিক কাৰাটে

ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক নিৰেন ফুকনে জানিব দিছে অহা ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ ডিব্ৰুগড় মিলন নগৰস্থিত বহুমুখী ক্রীড়া প্ৰকল্পত অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ উদ্যোগত ২০২২ বৰ্ষৰ ছাব-জুনিয়ৰ ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।ইতিমধ্যে প্রতিযোগিতাখন সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে, যোৱা ২৫ নৱেম্বৰত মিলনজ্যোতি সংঘৰ সভাকক্ষত, উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বড়াক মুখ্য পৃষ্ঠপোষক, জিলা ক্রীড়া বিষয়া সঞ্জয় উপাধ্যায়ক মুখ্য উপদেষ্টা,স্থানীয় বিধায়ক প্রশান্ত ফুকনক সভাপতি,অঞ্জন চেতিয়াক কাৰ্যকৰী সভাপতি,নিৰেন ফুকনক সাধাৰণ সম্পাদক আৰু সত্যেন্দ্ৰ নাথ বৰুৱাক কোষাধ্যক্ষ হিচাপে লৈ এখনি শক্তিশালী অভ্যর্থনা সমিতি গঠন কৰা হয়। প্রতিযোগিতাখন অহা ১৭ ডিচেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই।

Comments (0)
Add Comment