ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক নিৰেন ফুকনে জানিব দিছে অহা ১৬ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ ডিব্ৰুগড় মিলন নগৰস্থিত বহুমুখী ক্রীড়া প্ৰকল্পত অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ উদ্যোগত ২০২২ বৰ্ষৰ ছাব-জুনিয়ৰ ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।ইতিমধ্যে প্রতিযোগিতাখন সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে, যোৱা ২৫ নৱেম্বৰত মিলনজ্যোতি সংঘৰ সভাকক্ষত, উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বড়াক মুখ্য পৃষ্ঠপোষক, জিলা ক্রীড়া বিষয়া সঞ্জয় উপাধ্যায়ক মুখ্য উপদেষ্টা,স্থানীয় বিধায়ক প্রশান্ত ফুকনক সভাপতি,অঞ্জন চেতিয়াক কাৰ্যকৰী সভাপতি,নিৰেন ফুকনক সাধাৰণ সম্পাদক আৰু সত্যেন্দ্ৰ নাথ বৰুৱাক কোষাধ্যক্ষ হিচাপে লৈ এখনি শক্তিশালী অভ্যর্থনা সমিতি গঠন কৰা হয়। প্রতিযোগিতাখন অহা ১৭ ডিচেম্বৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব উদ্যোগ আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি