ভাৰতী এয়াৰটেলে ৮ অক্টোবৰৰ পৰা নতুন পোষ্টপেইড প্লেন মুকলি কৰিছে। এই প্লেনত গ্ৰাহকে প্ৰতি বছৰে ৫ দিনৰ বাবে বিনামূলীয়া আন্তঃৰাষ্ট্ৰীয় ৰোমিং পাব।
পেকটোত থাকিব 5GB ডাটা, ৬০ মিনিট কল, ২৫ টা SMS আৰু ফ্ৰী ইনকামিং। গ্ৰাহকে নিজৰ পছন্দৰ সময়ত এই পেক সক্ৰিয় কৰিব পাৰিব। ফেমিলি প্লেনত পৰিয়ালৰ প্ৰতিজন সদস্যই এই সুবিধা পাব।
ইয়াৰ লগতে আনলিমিটেড ডাটা, 5G ফাষ্ট লেন, স্পেম সুৰক্ষা আৰু এডভান্টেজ ক্লাবৰ মনোৰঞ্জনৰ সুবিধাও থাকিব।