“বিকশিত অসমৰ অধীনত দাখিল কৰিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰস্তাৱসমূহৰ প্ৰস্তুতি আৰু চূড়ান্তকৰণ সন্দৰ্ভত আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ কাৰ্যালয় সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ লগতে এই বিভাগৰ অধীনৰ সকলো শাখাৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এই বৈঠকত সভাপতিত্ব কৰি মন্ত্ৰী ৰায়ে প্ৰস্তাৱ সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰে।
বৈঠকত ৰাজ্যখনৰ নগৰ উন্নয়ন ত্বৰান্বিত কৰা, নগৰৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু জনসাধাৰণৰ জীৱন-যাপনৰ মান উন্নত কৰাৰ লক্ষ্যৰে বিভিন্ন ফলপ্ৰসূ প্ৰকল্প চিনাক্ত কৰাৰ লগতে অগ্ৰাধিকাৰ ভিত্তিত নিৰ্ধাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট সকলোৰে মাজত সমন্বিত আৰু সহযোগিতামূলক প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব আৰোপ কৰি স্পষ্ট অগ্ৰাধিকাৰ, নিৰ্দিষ্ট লক্ষ্য আৰু কাৰ্যকৰী ৰূপায়ণ কৌশলসহ সামগ্ৰিক আৰু প্ৰভাৱশালী প্ৰস্তাৱ প্ৰস্তুত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনৰ বিভিন্ন শাখা আৰু সংস্থাই প্ৰস্তুত কৰিবলগীয়া প্ৰস্তাৱসমূহৰ ভিতৰত পৌৰ প্ৰশাসন সঞ্চালকালয়, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, গুৱাহাটী পৌৰ নিগম, গুৱাহাটী আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ কোম্পানী লিমিটেড, টাউন এণ্ড কান্ট্ৰী প্লেনিং, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমাৰ টেকনিকেল চেল, গুৱাহাটী জল ব’ৰ্ড, অম্ৰুট আৰু গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ বিভিন্ন প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে।
মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰস্তাৱসমূহ ৰূপান্তৰকাৰী, সুদূৰপ্ৰসাৰী আৰু জনসাধাৰণৰ ওপৰত ফলপ্ৰসূ প্ৰভাৱ পেলাব পৰা প্ৰকল্পৰ ওপৰত কেন্দ্ৰিত হ’ব লাগে, যাতে অসমৰ সামগ্ৰিক আৰু বহনক্ষম উন্নয়নৰ লগতে বিকশিত অসমৰ লক্ষ্য বাস্তৱায়নত উল্লেখযোগ্য অৱদান আগবঢ়াব পৰা যায়।
বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন; গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ পৰিচালন সঞ্চালক ড° এছ লক্ষ্মণন; গুৱাহাটী জল ব’ৰ্ডৰ পৰিচালন সঞ্চালক ৰোহন কুমাৰ ঝাৰ লগতে পৌৰ প্ৰশাসন, জি এম চি, জি এম ডি এ, টি এণ্ড চি পি, অম্ৰুট, জি ইউ চি এল আৰু জি এছ চি এলৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।