ড০ জয়ন্ত বৰুৱা অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ জয়ন্ত বৰুৱা অসম কলেজ শিক্ষক সংস্থাৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাত উৎফুল্লিত মহাবিদ্যালয়ৰ পৰিয়াল । আজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অজিত হাজৰিকাৰ উপস্থিতিত শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ একতা বিষয়ববীয়া সকলৰ উপস্থিতিত ড০ বৰুৱাক গাচোমাৰে উষ্ম সম্ভাষণ জনাই ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি অৰুণ শৰ্মা আৰু ড০ ৰাজলক্ষ্মী বসুমতাৰীয়ে। ইয়াৰ উপৰিও কৰ্মচাৰী সন্থাৰ সভাপতি ভৱেন বসুমতাৰী আৰু অম্লান জ্যোতি কলিতাৰ লগতে ছাত্ৰ একতা সভাৰ সভাপতি প্ৰত্যুষ প্লাৱন নেওগ,সাধাৰণ সম্পাদক লেখৰাজ মুগালীয়েও নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক ড.জয়ন্ত বৰুৱাক সম্বৰ্দ্ধনা জনায়।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment