ঢকুৱাখনাত আক্ৰাছুৰ চিলাৰায় দিৱসৰ প্ৰস্তুতি

চিলাৰায়ৰ ৫১২ সংখ্যক জন্ম জয়ন্তী দিৱসটো এদিনীয়া বৰ্ণিল কার্যক্রমণিকাৰে ঢকুৱাখনা নগৰত উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । দেওবাৰে  ঢকুৱাখনা নগৰৰ নৰ্মাল স্কুল প্ৰাংগনত অনুষ্ঠিত এক ৰাজহুৱা সভাই এই  সিদ্ধান্ত গ্ৰহণ কৰিছে। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ অন্তৰ্গত ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত  ঢকুৱাখনা জিলা কোচ ৰাজবংশী সন্মিলনী সম্পাদক দীনেশ কোচৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাই সৰ্বসন্মত ভাবে জাতীয় বীৰ গৰাকীৰ পবিত্ৰ জন্ম জয়ন্তীটো ঢকুৱাখনা নগৰত অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।  ঢকুৱাখনা জিলা  কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিশেষ তৎপৰতাত অনুষ্ঠিত সভাত স্বগোষ্ঠীয় ডেৰ শতাধিক জ্ঞাতি বৰ্গই অংশগ্ৰহণ কৰে। সভাখনত আগন্তুক ১৬ ফেব্ৰুৱাৰীৰ এই পবিত্ৰ দিৱস উদযাপন কৰা সন্দৰ্ভত অগ্ৰণী ব্যক্তি দীনেশ কোচ,চিতাৰাম কোচ , অৰূপ দত্ত , পদ্মেশ্বৰ বড়া, ৰাজু বৰা, অম্বেশ্বৰ কোচ, ভূষণ কোচ, হীৰা কোচ, দেৱ কোচ , কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি দেৱ কৃষ্ণ কোচ, প্ৰণৱ কোচ,মানস প্ৰতিম কোচ আদি বিভিন্ন ব্যক্তিয়ে নিজস্ব বক্তব্য আগবঢ়াই জাতীয় বীৰ গৰাকীৰ মহান ত্যাগ আৰু জাতীয় দায়বদ্ধতাক সশ্ৰদ্ধ স্মৰণ কৰি  সাম্প্ৰতিক সময়ত মহান বীৰ গৰাকীৰ ত্যাগৰ গুণানুকীৰ্তন কৰাৰ প্ৰাসংগিকতা দোহাৰে।  সভাত উপবিষ্ট জ্ঞাতিবৰ্গৰ বিস্তৃত আলোচনাৰ অন্তত  দেৱ কুমাৰ কোচ, নাৰায়ণ ৰায়, সদা দত্ত, ঘন কোচক উপদেষ্টা, ধৰণী বৰুৱাক সভাপতি , অৰূপ  দত্ত, হীৰা কোচ, পদ্মেশ্বৰ বড়া, ভূষণ কোচক উপ সভাপতি, দিলীপ বড়াক সাধাৰণ সম্পাদক , হৰকান্ত বৰাক কোষাধ্যক্ষ হিচাবে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। সভাত অভ্যৰ্থনা সমিতিয়ে  শীঘ্ৰে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰি বিভিন্ন উপ সমিতি সমূহ গঠনেৰে জাতীয় বীৰ গৰাকীৰ ৫১২সংখ্যক জন্ম জয়ন্তী দিনজোৰাকৈ উদযাপন কৰিব বুলি জানিবলৈ দিয়ে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment