ঢকুৱাখনাৰ মেধাবী ছাত্ৰ নিৰঞ্জন গগৈলৈ  ডিম্বেশ্বৰ কোঁৱৰ স্মাৰক বঁটা 

ঢকুৱাখনাৰ বিদ্যায়তনিক ইতিহাসৰ  অন্যতম সমুজ্জ্বল নক্ষত্ৰ স্বৰূপ  , ৰাজ্য চৰকাৰৰ এগৰাকী সুদক্ষ আৰু  নিষ্ঠাবান শিক্ষা বিষয়া প্ৰয়াত ডিম্বেশ্বৰ কোঁৱৰৰ সশ্ৰদ্ধ স্মৰণত কোঁৱৰৰ পৰিয়ালবৰ্গই  প্ৰদান কৰি অহা প্ৰয়াত ডিম্বেশ্বৰ কোঁৱৰ স্মাৰক বঁটা শনিবাৰে দ্বিতীয় বাৰৰ  বাবে  ঢকুৱাখনাত প্ৰদান কৰা হয় ।  ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত শনিবাৰে এই সম্পৰ্কত অনুষ্ঠিত কৰা হয় এক মনোজ্ঞ সভা । বিদ্যালয়খনৰ  পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি ডিম্বেশ্বৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে  বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈয়ে। বিদ্যালয়খনৰ প্ৰাক্তন  মেধাবী ছাত্ৰ , এই বিদ্যালয়ৰে প্ৰশিক্ষণ প্ৰাপ্ত  প্ৰাক্তন শিক্ষক তথা অৱসৰ প্ৰাপ্ত  সুদক্ষ শিক্ষা বিষয়া প্ৰয়াত ডিম্বেশ্বৰ কোঁৱৰ স্মাৰক বঁটা প্ৰদান পৰ্ব  যোৱা বছৰৰ পৰা আৰম্ভ কৰি তেওঁৰ স্মৃতি যুগমীয়া কৰাৰ প্ৰয়াস কৰি আহিছে কোঁৱৰৰ পৰিয়ালবৰ্গই।  বিদ্যালয়খনৰ পৰা  হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইংৰাজী বিষয়ত সৰ্বোচ্চ নম্বৰ ( ৭৫ শতাংশৰ অধিক ) প্ৰাপক গৰাকীক  প্ৰদান কৰি অহা দ্বিতীয় বৰ্ষৰ এই বঁটা  লাভ কৰিছে বিদ্যালয়খনৰ মেধাবী ছাত্ৰ ঢকুৱাখনা দীঘলা গাঁওৰ  প্ৰণৱ গগৈৰ পুত্ৰ  নিৰঞ্জন গগৈয়ে। কৃতিমান ছাত্ৰ নিৰঞ্জন গগৈয়ে ইংৰাজী  বিষয়ত ৯৩ ,গণিত বিষয়ত ৯৬ ,সাধাৰণ বিজ্ঞান বিষয়ত ৯৫ ,সমাজ বিজ্ঞান  বিষয়ত ৯৫ , অসমীয়া বিষয়ত  ৯২আৰু ঐচ্ছিক বিষয়ত  ৯৪ নম্বৰ সহ সৰ্বমুঠ ৫৬৫ নম্বৰ ( ৯৪’১৬ শতাংশ ) লাভ  কৰিবলৈ সক্ষম হৈছে। এইগৰাকী কৃতিমান শিক্ষাৰ্থীক বঁটা প্ৰদান কৰিবলৈ  অনুষ্ঠিত  সভাত  উপস্থিত থাকে প্ৰয়াত চেতিয়াৰ  কন্যা তিনিচুকীয়া জিলাৰ ডুমডুমা নিবাসী অঞ্জু কোঁৱৰ মজিন্দাৰ  ,মামণি  কোঁৱৰ আৰু পুত্ৰ বিকাশ কোঁৱৰ , অবসৰী শিক্ষক সৰ্বেশ্বৰ বৰুৱা , অবসৰী অধ্যক্ষ লিখন চন্দ্ৰ বৰগোঁহাই , চেনিৰাম বৰৱা, ধ্ৰুৱ জ্যোতি  কোঁৱৰ , বঁটা প্ৰাপক নিৰঞ্জন গগৈৰ  পিতৃ প্ৰণৱ গগৈ।  বঁটা প্ৰদানৰ পূর্বে  প্ৰয়াত শিক্ষাবিদ  চেতিয়াৰ জ্যেষ্ঠ কন্যা অঞ্জু কোঁৱৰ মজিন্দাৰে দেউতাকৰ সশ্ৰদ্ধ স্মৰণ কৰি ছাত্ৰ জীৱনৰ পৰা  আৰম্ভ কৰি শিক্ষা বিষয়া হিচাপে অৱসৰ গ্ৰহণ পৰ্যন্ত  সকলো দিশ সামৰি বক্তব্য ৰাখে। ১৯৪৮ চনত মেট্ৰিকুলেট পৰীক্ষাত দ্বিতীয় বিভাগত আৰু  কটন মহাবিদ্যালয়ৰ পৰা  আইএচচি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ এই বিদ্যালয়ত ৪ বছৰ শিক্ষকতা কৰাৰ পৰৱৰ্তী সময়ত বিটি প্ৰশিক্ষণ  গ্ৰহণ কৰি “অসম শিক্ষা সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ শিক্ষা বিষয়া হিচাপে ৰাজ্যখনৰ বিভিন্ন জিলাত সেৱা আগবঢ়াই তিনিচুকীয়া জিলাৰ পৰা বিদ্যালয় সমূহৰ পৰিদর্শক হিচাপে  অৱসৰ গ্ৰহণ কৰা আৰু  অৱসৰৰ পাছতো ২৯ বছৰ কৰ্ম ব্যস্ততাৰে দিন কটোৱা কৰ্মব্যস্ততাপূৰ্ণ জীৱন শৈলী সন্দৰ্ভত  চমু অবলোকন কৰে । প্ৰয়াত শিক্ষাব্ৰতী  ডিম্বেশ্বৰ কোঁৱৰৰ জীৱন আৰু কৰ্মৰাজি সম্পৰ্কে চমু বক্তব্য আগবঢ়াই  কোঁৱৰৰ প্ৰাক্তন ছাত্ৰ ,প্ৰবীণ শিক্ষাবিদ সৰ্বেশ্বৰ বৰুৱাই চেতিয়াৰ  নিখুঁত শিক্ষণ শৈলী আৰু ব্যক্তিত্বই  ছাত্ৰ অভিভাৱক  সকলোকে সন্মোহিত কৰিছিল বুলি কৈ অংক আৰু ইংৰাজী বিষয়ত অগাধ পাণ্ডিত্যৰ গৰাকী  কোঁৱৰে  পৰৱৰ্তী সময়ত সুশাসক তথা সুদক্ষ শিক্ষা বিষয়া  হিচাপে সেৱা আগবঢ়াই যোৱা বুলি মন্তব্য কৰি কোঁৱৰৰ গুণানুকীৰ্তন কৰে ।   বিদ্যালয়ৰ  সমূহ শিক্ষক শিক্ষাৰ্থী , শিক্ষানুৰাগী ৰাইজ  উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাত বঁটা প্ৰাপক নিৰঞ্জন গগৈক ফুলাম গামোচা , গ্ৰন্থ সম্ভাৰ আৰু ৭  হাজাৰ টকাৰ চে’ক  প্ৰদান কৰে অধ্যক্ষ কল্পনা গগৈৰ সহযোগিতাত জ্যেষ্ঠ কন্যা অঞ্জু কোঁৱৰ মজিন্দাৰ আৰু পুত্ৰ বিকাশ কোঁৱৰে। সভাত অৱসৰ প্ৰাপ্ত অধ্যক্ষ চেনিৰাম বৰুৱা , লিখন  বৰগোহাঁই ,শিক্ষয়িত্ৰী মৌচুমী গগৈ হাতীবৰুৱাই বক্তব্য ৰাখি  প্ৰাক্তন শিক্ষাগুৰু গৰাকীৰ শিক্ষানু
ষ্ঠানখনৰ  সতে সম্পৃক্ত স্মৃতি সজীৱ কৰি ৰাখিবলৈ পৰিয়ালবৰ্গই হাতত লোৱা এনে প্ৰশংসনীয় পদক্ষেপৰ একেমুখে শলাগ লয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment