ঢকুৱাখনাৰ শিঙিয়া প্ৰয়াস ফাউণ্ডেচনৰ ক`ভিড আক্ৰান্ত পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ

লখিমপুৰ জিলাত দৈনিক ভয়াবহ ৰূপত ক`ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আহিছে। জিলাখনৰ লগতে ঢকুৱাখনা মহকুমাতো উদ্বেগজনক ভাবে বৃদ্ধি পাইছে সংক্ৰমিত ৰোগীৰ সংখ্যা। এনে প্ৰেক্ষাপটত আক্ৰান্ত ব্যক্তি সকল স্বগৃহত  আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে।  ঢকুৱাখনাৰ এনেবোৰ আক্ৰান্ত দৰিদ্ৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি শিঙিয়া প্ৰয়াস ফাউণ্ডেচনে খাদ্য সম্ভাৰ যোগান ধৰি আহিছে । বিগত দুমাহ জোৰা এই লানি জনহিতৈষী কাৰ্যসূচীৰ অংশ হিচাপে মঙ্গলবাৰে দুপৰীয়া শিঙিয়া অঞ্চলৰ ৪ টা দৰিদ্ৰ ক`ভিড আক্ৰান্ত পৰিয়ালৰ মাজত  আলু , দাইল , মিঠাতেল , নিমখ , পিয়াঁজ , বিস্কুট , চয়াবিন ,  কোমোৰা , জিকা আদি শাক পাচলি , চাবোন , মাস্ক আদি যোগান ধৰা হয়। ফাউণ্ডেচনৰ পৰিচালক আৰু সম্পাদক মৃদুল  বৰপাত্ৰৰ নেতৃত্বত ,ভূমিপুত্ৰ গ্রুপৰ সহযোগিতাত সংগৃহীত নিজা পুঁজিৰে মঙ্গলবাৰে এই সমূহ  উপাৰ্জনহীন দৰিদ্ৰ পৰিয়ালৰ মাজত  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগান ধৰা হয়। অঞ্চলটোৰ এই স্বেচ্ছাসেৱী সংগঠনটোৰ  নিৰলশ  আৰু জন হিতৈষী পদক্ষেপ নিতান্তই প্ৰশংসা যোগ্য আৰু শলাগিব লগীয়া। 
বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।

Comments (0)
Add Comment