ঢকুৱাখনা মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ প্লাষ্টিক আৰু পলিথিন বিৰোধী অভিযান

ঢকুৱাখনাত এখন প্লাষ্টিক মুক্ত সমাজ আৰু  প্ৰদূষণমুক্ত  পৰিবেশ গঢ় দিয়াৰ  লক্ষ্যৰে চলিত বৰ্ষৰ গান্ধী জয়ন্তীৰ পৰা  ঢকুৱাখনা নিকাকৰণ অভিযান অব্যাহত ৰাখি আহিছে  ঢকুৱাখনা মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে।  মানৱ সৃষ্ট প্ৰদূষিত পৰিবেশৰ কৰাল গ্ৰাসৰ পৰা  সমাজ সভ্যতাক মুক্ত কৰি এক প্ৰদূষণমুক্ত  পৰিবেশ সৃষ্টি  কৰাৰ আহ্বানেৰে  ধাৰাবাহিক সজাগতা সভা আৰু চাফাই অভিযান অব্যাহত  ৰখা মহাবিদ্যালয় এন এছ এছ গোটৰ  উদ্যোগত সোমবাৰে  ঢকুৱাখনা নগৰৰ জীয়ামৰীয়া আৰু কমাৰ গাঁওত  প্লাষ্টিক বৰ্জন  সজাগতা অভিযান আৰু  নিকাকৰণ কৰ্মসূচী গ্ৰহণ কৰা হয়। মহাবিদ্যালয় এন এছ এছ গোটৰ তত্ত্বাবধায়ক তথা প্ৰগ্ৰাম অফিচাৰ প্ৰবক্তা তবেন্দ্ৰ নাথ দাসৰ নেতৃত্বত মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ সদস্য সকলে  ঢকুৱাখনা-মাছখোৱা গড়কাপ্তানী পথৰ জীয়মৰীয়া  আৰু কমাৰ গাঁওৰ প্ৰায় ১ কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাৰ ভিতৰত হাতে হাতে ঝাড়ু , বাঢ়নী , কোৰ লৈ  সমগ্ৰ অঞ্চল নিকাকৰণ কৰি বৃহৎ পৰিমাণৰ প্লাষ্টিক  ,পলিথিন আদি সংগ্ৰহ কৰে। অঞ্চলবাসী মহিলা আৰু পৰিবেশ সচেতন ৰাইজেও স্বতঃস্ফূৰ্ত সহযোগিতা আগবঢ়োৱা এই অভিযানত প্ৰায় ৬ বস্তা পলিথিন আৰু প্লাষ্টিক উদ্ধাৰ কৰি  বিজ্ঞানসম্মত নিষ্কাশনৰ বাবে  লৈ যায় । মহাবিদ্যালয় এন এছ এছ গোটৰ প্ৰগ্ৰাম অফিচাৰ ,প্ৰৱক্তা তবেন্দ্ৰ নাথ দাসে জনোৱা মতে যোৱা ২ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই প্লাষ্টিক আৰু পলিথিন বিৰোধী নিকাকৰণ  অভিযান অহা ৩১ অক্টোবৰ পৰ্যন্ত মহকুমাটোৰ  বিভিন্ন গ্ৰামাঞ্চলত অব্যাহত থাকিব।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment