দিছপুৰ ছুপাৰ মাৰ্কেটৰ নৱনির্মিত উৰণীয়া সেঁতু পৰিদৰ্শন লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিবৰ -৪ নৱেম্বৰত দিনৰ ১১ বজাত মুখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিব উৰণীয়া সেঁতু

অসমকে ধৰি উত্তৰ পূৱৰ অন্যতম ব্যস্ত অঞ্চল হিচাপে পৰিচিত ৰাজ্যৰ ৰাজধানী দিছপুৰ অঞ্চলক যানজঁটৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে দিছপুৰ ছুপাৰ মাৰ্কেটৰ নৱনির্মিত উৰণীয়া সেঁতুখন কাইলৈ অৰ্থাৎ ৪ নৱেম্বৰত দিনৰ ১১ বজাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্ধোধন কৰিব। নিৰ্ধাৰিত সময়তকৈ ১৪ মাহ পূৰ্বেই নির্মাণকাৰ্য সম্পূৰ্ণ কৰি অসমৰ লোক নিৰ্মাণ বিভাগৰ ইতিহাসত এক নতুন মাত্ৰাৰ সূচনা কৰিবলৈ সক্ষম হোৱা বিভাগটোৱে এতিয়া উৰণীয়া সেঁতুখন উদ্ধোধনী অনুষ্ঠানটো সুকলমে সম্পন্ন কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে । আনহাতে উৰণীয়া সেঁতুখন আঁচনি অনুসৰি ঠিকে থাকে আছে নে নাই তাক শেষবাৰৰ বাবে আজি দিনৰ ভাগত পৰ্যবেক্ষণ কৰে লোকনিৰ্মাণ পথ বিভাগৰ আয়ুক্ত আৰু সচিব ৰাজেশ কেম্পৰাই আৰু মুখ্য অভিযন্তা সঞ্জীৱ শ্যামে। দুয়োজনকে সংগ দিয়ে বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকা, সহকাৰী কাৰ্যবাহী অভিযন্তাত্ৰয় ক্ৰমে -বিশ্বজিৎ কলিতা , প্ৰাণজিত তালুকদাৰ আৰু বন্দনা শইকীয়া , সহকাৰী অভিযন্তাত্ৰয় ক্ৰমে – ৰূপক ডেকা , আবু চৈয়দ আৰু পংকজ নাথ,কনিষ্ঠ অভিযন্তা বুৰহাউদ্দীন আহমেদে। আনহাতে আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্পৰায়ে দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাকে ধৰি সংশ্লিষ্ট অভিযন্তা , ক্ষেত্ৰ সহায়ক সকলোকে উৰণীয়া সেঁতুখনৰ নিৰ্মাণকাৰ্য নিৰ্ধাৰিত ৩৬ মাহৰ সলনি মাত্ৰ ২২ মাহৰ ভিতৰতে নিৰ্মাণ কৰি বিভাগলৈ গৌৰৱ কঢ়িয়াই অনা বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু এইক্ষেত্ৰত দায়িত্ববাহী ঠিকাদাৰ অনিল দাসৰ বিশেষ শলাগ লয় । আনকি ইয়াৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঠিকাদাৰ আৰু অভিযন্তা সকলক এটা টীমৰ মনোভাৱেৰে কাম কৰা বাবে নিৰ্ধাৰিত সময়তকৈ ১৪ মাহ পূৰ্বে নিৰ্মাণ কার্য সম্পন্ন কৰা বিষয়টোৰ শলাগ লোৱা বুলিও আয়ুক্ত আৰু বিশেষ সচিব গৰাকীয়ে সদৰি কৰে । উল্লেখযোগ্য যে দিনৰ ১০ বজাৰ পৰা ১১.৩০ বজালৈ ডেৰ ঘন্টা ধৰি উৰণীয়া সেঁতুখনৰ প্ৰতিটো অংশ আয়ুক্ত আৰু বিশেষ সচিব গৰাকীয়ে অভিযন্তা সকলৰ সৈতে তন্নতন্নকৈ পৰিদৰ্শন কৰে ।

Comments (0)
Add Comment