দুখন ব্যক্তিগত ৰেল চলিব

ভাৰতীয় ৰেলে দুখন ব্যক্তিগত ৰেল চলোৱাৰ কথা ঘোষণা কৰিছে।তথ্য অনুসৰি গুৱাহাটীৰ পৰা উত্তৰ-পূবৰ বাহিৰলৈ এই ৰেলসেৱা চলিব।গুৱাহাটী-মুম্বাই আৰু গুৱাহাটী-তিৰুৱন্তপুৰম হৈ চলিব লগা এই ৰেলসেৱা জানুৱাৰী মাহৰ ভিতৰতে সম্পন্ন কৰা হ’ব বুলি শীৰ্ষ ৰে’ল বিষয়াই জানিবলৈ দিয়ে।ইতিমধ্যে দেশৰ ১০০ টা নিৰ্বাচিত ব্যক্তিগত ৰেল পথ চিনাক্ত কৰাৰ তথ্য দিছে ৰেল বৰ্ডৰ সঞ্চালক বিনোদ কুমাৰ যাদৱে।উল্লেখ্য যে যোৱা ৮ অক্টোবৰত দেশৰ প্ৰথমখন ব্যক্তিগত ৰে’ল তেজছ এক্সপ্রেছ মুকলি কৰে।জানিব পৰা মতে বিত্ত মন্ত্ৰালয়ে দেশজুৰি মুঠ ১৫০ খন যাত্ৰীবাহী ৰেল চলোৱাৰ পৰিকল্পনা হাতত লৈছে।

Comments (0)
Add Comment