দুটা ভাল খবৰ

আজি আন্তঃৰাষ্ট্ৰীয় মুক্ত সংবাদ সেৱা দিৱস। সমগ্ৰ বিশ্বৰ লগতে অসমটো এই দিৱস উদযাপিত হৈছে। সেই অনুসৰি গুৱাহাটীৰ প্ৰেচ ক্লাবটো এই দিৱস অনুষ্ঠিত হয়। উল্লেখযোগ্য যে UN association ৰ উদ্যোগত উদযাপিত হোৱা এই দিৱস অনুষ্ঠানত জেষ্ঠ্য সাংবাদিক প্ৰতাপ বৰদলৈ এই দিৱস ৰ তাৎপৰ্য বাখ্যা কৰি কয় যে নতুন প্ৰজন্মৰ সাংবাদিক সকলে সকলো বাধা প্ৰতিৰোধ কৰিব পৰাকৈ সচেষ্ট হোৱা উচিত। আনহাতে গুৱাহাটীৰ প্ৰেচ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়াই বৰ্তমান সাংবাদিক সকলৰ স্থিতি উদ্দেশ্যে, লক্ষ্য সন্দৰ্ভত মন্তব্য কৰে। আজি অনুষ্ঠানত UNESCO ৰ উত্তৰ পূবৰ কাৰ্য্যবাহী সঞ্চালক ডাঃ অশ্বিনী শৰ্মাই UN Association এখন বিশ্ববিদ্যালয় গুৱাহাটীত স্থাপন কৰা হ’ব বুলি উল্লেখ কৰে। স্মৰ্তব্য যে এই বিশ্ববিদ্যালয় খন বিশ্বৰ তৃতীয় খন UN বিশ্ববিদ্যালয়খন হ’ব বুলি জানিবলৈ দিয়ে। অহা ছেপ্তেম্বৰ মাহৰ পৰা গুৱাহাটীৰ সোনাপুৰত এই বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি কাম আৰম্ভ হব বুলি সদৰী কৰে। Arts, Management, Social Science, Science and Technology আৰু UN ৰ বিষয় সন্নিবিষ্ট হ’ব বুলি সদৰী কৰে।

আনহাতে সমগ্ৰ দেশৰ লগতে শোণিতপুৰৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত কৰ্মৰত এজন বিশিষ্ট অধ্যাপকলৈ আগবঢ়োৱা হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ যুৱ বিজ্ঞানীৰ বটাঁ-২০১৭ । জানিব পৰা মতে, বিশ্ববিদ্যালয়খনৰ কেমিকেল বিজ্ঞান বিভাগৰ অধ্যাপক ড০ সঞ্জয় প্ৰতিহাৰে কেমিকেল বিজ্ঞানৰ বিকাশৰ ক্ষেত্ৰলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবেই অধ্যাপকজনক এই সন্মানৰ বাবে নিৰ্বাচন কৰিছে ।চলিত বৰ্ষৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া একাডেমীৰ বাৰ্ষিক সভাৰ মনোজ্ঞ অনুষ্ঠানত অধ্যাপকগৰাকীক এই বটাঁ প্ৰদান কৰা হ’ব। এই বঁটাত নগদ ২৫,০০০ টকা,এটা ব্ৰঞ্জ মেডেল, প্ৰমাণপত্ৰ দিয়া হ’ব। নিষ্ঠাৱান অধ্যাপকজনৰ এই সফলতাত শৈক্ষিক সমাজত আনন্দৰ জোৱাৰ পৰিলক্ষিত হৈছে ।

এয়া আছিল আজিৰ দিনটোৰ ভাল খবৰ। সহযোগ কৰিলে বালিপাৰাৰ পৰা প্ৰাঞ্জল পি বৰাই

Comments (2)
Add Comment