দুভৰিৰ যাদুৱে খেলপথাৰত যাদু দেখুওৱা উত্তৰ পূৱৰ খেলুৱৈজনৰ কথাৰে

কথাষাৰ অবিশ্বাস্য যেন লাগিলেও সঁচা। কিছুমান খবৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱৰ বাবে ইতিহাসৰ মাজতে সীমাবদ্ধ হৈ থাকে।সম্প্ৰতি চৰ্চাৰ শীৰ্ষত আছে টকিঅ’ অলিম্পিক। অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’ব টকিঅ’ অলিম্পিক । এইবাৰ অলিম্পিকক অসমৰ পৰা অংশ ল’ব বক্সাৰ লাভলীনা বুঢ়াগোহাঁয়ে।
আপুনি জানেনে আজিৰে পৰা ৭ দশক পূৰ্বে অলিম্পিকত প্ৰতিযোগিতাত ভাৰতৰ নেতৃত্ব দিছিল ফুটবলাৰ টি আওয়ে।১৯৪৮ চনত লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিকত টি আওয়ে ভাৰতৰ পতাকা বহন কৰিছিল । তেতিয়া অবিভক্ত নগাপাহাৰ জিলাত জন্মগ্ৰহণ কৰা টি আওয়ে প্ৰথমে চিকিৎসক হিচাপে আৰু পৰৱৰ্তী সময়ত মহাৰণা ক্লাৱৰ নিয়মীয়া সদস্য হিচাপে ফুটবল যাত্ৰাৰ পাতনি মেলিছিল।
খালি ভৰি ফুটবল খেলি খেলপথাৰত এক প্ৰকাৰৰ ধুমুহা সৃষ্টি কৰা এই গৰাকী খেলুৱৈয়ে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছিল।জীৱনৰ শেষ সময়খিনিত তেখেতে নগালেণ্ডৰ স্বাস্থ্য সেৱাৰ সঞ্চালকৰ দায়িত্ব পালন কৰিছিল। ভাৰতক নেতৃত্ব দিয়া উত্তৰ পূব গৌৰৱ এই গৰাকী খেলুৱৈ যুগে যুগে স্মৰণীয় হৈ ৰ`ব।

Comments (0)
Add Comment