দুৰ্যোগ প্ৰশমন বিভাগৰ পদক্ষেপ

সমাগত বাৰিষাকে ধৰি আগন্তুক সময়চোৱাত প্ৰাকৃতিক বা আন কোনো দুৰ্যোগে অধিক লোকৰ জীৱন আৰু সম্পত্তি বিনাশ কৰিব নোৱাৰা তাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰী বাহিনী চমুকৈ এন ডি আৰ এফৰ সঞ্চালক প্ৰধান সত্য নাৰায়ণ প্ৰধানে দেশৰ বিভিন্ন প্ৰান্তত নিয়োজিত হৈ থকা এন ডি আৰ এফৰ বেটেলিয়ান সমুহলৈ নিৰ্দেশনা দিছে। সেই নিৰ্দেশনাৰ আধাৰত গুৱাহাটীৰ আজাৰা পাটগাওস্থিত প্ৰথম এন ডি আৰ এফ বেটেলিয়ানে অহা ২৬ মাৰ্চত গুৱাহাটী আৰু ২৭ মাৰ্চত ছিলঙত এক বৃহৎ দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰথম এন ডি আৰ এফৰ সূত্ৰই সদৰি কৰা অনুসৰি এই যৌথ আখৰাত এন ডি আৰ এফৰ উপৰি ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনী (এছ ডি আৰ এফ), অগ্নি আৰু আপদকালীন সেৱা, অসামৰিক প্ৰতিৰক্ষা বাহিনীয়ে ভাগ লয়। পৰৱৰ্তী সময়ত যৌথ আখৰাত ভাগ লোৱা বাহিনী সমুহক লৈ এটি ফৰ্চ গঠন কৰা হ’ব যাতে টাস্ক ফৰ্চে সহযোগিতা আৰু সুসমন্বয় সাধনৰে দুৰ্যোগৰ মোকামিলা কৰাৰ লগতে ৰাইজৰ মাজত দুৰ্যোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ দিশত সৃষ্টিৰ দিশত কাম কৰিব পাৰে।

Comments (0)
Add Comment