দেও পাহাৰক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰাৰ আহ্বান

১৯৯৯চনতে প্ৰস্তাৱিত বনাঞ্চলৰমৰ্যদা লাভ কৰা দেওপাহাৰ বনাঞ্চক আজিকোপতি সংৰক্ষিত বনাঞ্চল ঘোষণা নকৰাক লৈ খেদ প্ৰকাশ কৰিছে সচেতন মহলে। উল্লেখযোগ্য গোলাঘাট জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কর্মী অপূৰ্ব বল্লভ গোস্বামীয়ে বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহা পৰিপ্ৰেক্ষিতত সেই সময়ত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ মৰ্যদা লাভ কৰিছিল দেওপাহাৰে।কিন্তু পৰিতাপৰ কথা যে প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ মৰ্যদা লাভ কৰাৰ ২৩বছৰ পাছতো লাভ কৰা নাই গেজেট নটিফিকেচন।এই ক্ষেত্ৰত প্ৰয়োজনী ব্যৱস্থা গ্ৰহণৰ লগতে গেজেট নটিফিকেচন প্ৰদানৰ বাবে আহ্বান জনাই অলপতে উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে।

Comments (0)
Add Comment