ধেমাজি মহাবিদ্যালয়ত বিনামূলীয়া ছাত্ৰাবাস মুকলি

ধেমাজি বাণিজ্য মহাবিদ্যালয়ত সন্মিলিত যুৱ বিকাশ অসমে কালি এটি বিনামূলীয়া ছাত্ৰাবাসৰ মুকলি কৰে। ধেমাজি জিলাৰ বিভিন্ন স্থানৰ পৰা আহি অধ্যয়ন কৰা আৰ্থিক ভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী সকলৰ বাবে এই ছাত্ৰবাসটি উদ্বোধন কৰা হৈছে।
 
 
এই উপলক্ষে দুপৰীয়া ১২ বজাত এখন উদ্বোধনী সভা অনুষ্ঠিত হয়। স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠাপক হিটলাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ধেমাজি জিলা সীমান্তবৰ্তীৰ উপ-আৰক্ষী অধীক্ষক নৱ বৰা,ধেমাজি জিলা শ্ৰম বিষয়া ড° ভৱজিৎ দলে,শোণিতপুৰ জিলাৰ ডাইট কলেজৰ প্ৰবক্তা ৰশ্মি ৰেখা ৰাজখোৱা , জীয়াঢল আৰু বৰবাম কছাৰী গাঁৱৰ সমাজ কৰ্মীদ্বয় ফুলমাই শইকীয়া,আৰু অঞ্জলি সোনোৱালে।স্বেচ্ছাসেৱী সংগঠনটোৰ এনে কাৰ্য্যক ভূয়সী প্ৰশংসা কৰে।

Comments (0)
Add Comment