নগাঁৱত সংবিধান প্ৰণেতা ড° বি আৰ আম্বেদকাৰক স্মৰণ

স্বাধীন ভাৰতৰ সংবিধান খচৰা সমিতিৰ অধ্যক্ষ,দলিত সকলৰ পিতৃপুৰুষ, ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰৰ ৬৬ সংখ্যক মৃত্যু বাৰ্ষিকি নগাঁৱৰ আম্বেদকাৰ ভৱন প্ৰাংগনত ৬ ডিচেম্বৰ তাৰিখে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰে। নগাঁও জিলা অনুসূচিত জাতি পৰিষদ, অ’ বি চি নগাঁও জিলা সমিতি, নগাঁও জিলা ট্ৰাইবেল সংঘ আৰু সদৌ অসমীয়া কৈৱৰ্ত সন্মীলনী নগাঁও জিলা সমিতিৰ যুটীয়া ব্যৱস্থাপনাত অনুষ্ঠিত কাৰ্যসূচীৰ পুৱা ১০ বজাত ড° বি আৰ আম্বেদকাৰৰ স্থায়ী প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শোভাৰম্ভ কৰে নগাঁও জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি ক্ষিতিশ দাসে। তাৰ পিছতে অ’ বি চিৰ নগাঁও জিলাৰ সভাপতি হেম শইকীয়া, নগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি দেবেন বড়ো, আৰু সন্মীলনীৰ নগাঁও জিলাৰ উপদেষ্টা কল্লোল শইকীয়াৰ লগতে উপস্থিত সকলোৱেই দলিত নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তাৰ পিছতেই ক্ষিতিশ দাসৰ সঞ্চালনাত এখনি স্মৃতি সভা অনুষ্ঠিত হয়। জাতি পৰিষদ নগাঁও জিলা সমিতিৰ সম্পাদক জয়ন্ত কুমাৰ দাসে আঁত ধৰা স্মৃতি সভাত ড° আম্বেদকাৰৰ বিশাল ব্যক্তিত্বক সোঁৱৰী গুৰুত্বপূৰ্ণ ভাষন ৰাখে সাংবাদিক ৰাহুল দেৱ বৰদলৈ, অ’ বি চিৰ উপ সভাপতি প্ৰমোদ বৰা, অসম অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক লক্ষণ হীৰাই। অনুষ্ঠানত অ’ বি চি নগাঁও জিলা সমিতিৰ সম্পাদক মনোৰঞ্জন নাথ, বিশিষ্ট সমাজকৰ্মী অজিত প্ৰতিম দাস, ব্ৰতকৃষ্ণ দাস, দুলাল দাস, সত্যজিৎ মিশ্ৰ, স্বপন দাসে ধৰি শতাধিক ৰাইজ উপস্থিত থাকে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সন্ধ্যা ৫ বজাত ড° বি আৰ আম্বেদকাৰ ভৱনৰ চৌদিশে ৬৬ গছি বন্তি প্ৰজ্বলন কৰে। উক্ত কাৰ্যসূচী শোভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী কল্লোল শইকীয়াই।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment