নগাঁৱৰ জামুগুৰিত জংগমৰ উদ্যোগত সত্ৰীয়া সংস্কৃতি দিৱস পালন

নগাঁও জিলাৰ সামাজিক,সাংস্কৃতিক অনুষ্ঠান জংগমৰ উদ্যোগত দেওবাৰে সত্ৰীয়া সংস্কৃতি দিৱসটি জামুগুৰিত থকা জংগমৰ আখৰা গৃহত উদযাপন হয় ৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত জংগমৰ সভাপতি ভুৱন চন্দ্ৰ নাথে বন্তি প্ৰজ্বলন কৰাৰ পিছতে ঘোষা পৰিবেশন আৰু প্ৰসাদ বিতৰণ কাৰ্যসূচী ৰূপায়ন হয় ৷ দুপৰীয়া গীত মাত.নৃত্যৰ এক মনোগ্ৰাহী অনুষ্ঠান অনুষ্ঠিত হয় ৷ প্ৰতিভাৱান শিল্পী জ্যোতি মনি বৰাৰ পৰিচালনাত প্ৰদৰ্শিত এটি দলীয় নৃত্যৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠানত বেবেজীয়া প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰাঞ্জল বৰদলৈ, প্ৰতিষ্ঠিত কবি মদাৰজ্যোতি, নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েছনৰ সম্পাদক জ্যোতি প্ৰসাদ বৰা, সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ সাংগঠনিক সম্পাদক জয়ন্ত মুদৈ, নগাঁও আকাশবাণী কেন্দ্ৰৰ ঘোষক তথা শিল্পী ৰাহুল দেৱ বৰদলৈ, প্ৰতিৱান আবৃত্তিকাৰ ৰূপম নাথকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে ৷ জংগমৰ কাৰ্যকৰী সভাপতি সন্তোষ শিৱমে আঁত ধৰা অনুষ্ঠানত পখীৰাণী দেৱী, সুকন্যা বৰা, সংগীতা দেৱী, প্ৰিন্সলীনা বৰা, নিহাৰিকা বৰুৱা আৰু তুষ্টি দেৱীয়ে সত্ৰীয়া নৃৃত্য, কুঁহি বৰা, ভাৰ্গৱ প্ৰিয়ম নাথ, জাগৃতি দেৱী, তন্দ্ৰাণী বৰুৱাই কৃষ্ণ নৃত্য আৰু আবৃত্তিকাৰ ৰূপম নাথে কবিতা আবৃত্তি কৰে৷
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Comments (0)
Add Comment