নগাঁৱৰ ধিং মহাবিদ্যালয়ৰ ধূপগুৰি কছাৰী গাঁৱত বিশেষ শিবিৰ অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি(National Service Scheme) গোটৰ অধীনস্থ নগাঁৱৰ ধিং মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত যোৱা ১২ ডিচেম্বৰৰ পৰা চাৰি দিনীয়াকৈ বিশেষ শিবিৰ অনুষ্ঠিত হৈছে। মংগলবাৰে জীৱন কৌশলৰ সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে সাংবাদিক দিব্যজ্যোতি বৰুৱাই। শিবিৰত ষ্টেম ফৰ গাৰ্লছ প্ৰকল্পৰ প্ৰশিক্ষক বৰুৱাই আত্ম সচেতনতা, সহাঁনুভূতি, জটিল চিন্তা, সৃজনীশীল চিন্তা, সিদ্ধান্তকৰণ, আন্তঃব্যক্তিক সমন্ধ, দক্ষতাপূৰ্ণ যোগাযোগ, আৱেগ নিয়ন্ত্ৰণ, দুশ্চিন্তা নিয়ন্ত্ৰণ এই দহটা জীৱন কৌশলৰ বিষয়ে কাৰ্যকলাপ, খেল আৰু বক্তৃতা ওপৰত তেখেতে বিশ্লেষণ কৰে। ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিমান হাজৰিকাই শুভাৰম্ভণি কৰা শিবিৰত প্ৰবীন ক্ৰীড়াবিদ স্বৰ্ণলতা কাকতি বৰা, অধ্যাপক গোবিন চন্দ্ৰ ভৰালী, নগাঁও জিলা বড়ো সাহিত্য সভাৰ সভাপতি প্ৰশান্ত কুমাৰ বড়ো, গিতুমনি বৰা, প্ৰেমেশ্বৰ ঠাকুৰীয়া, আজাহাৰ উদ্দিন আহমেদে বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ধিং মহাবিদ্যালয় গোটৰ তত্বাৱধায়ক ড০ মুকুট মনি শইকীয়াৰ পৰিকল্পনাৰে অনুষ্ঠিত শিবিৰটোত প্ৰতিদিনে পুৱা যোগাসনৰ প্ৰশিক্ষণ প্ৰদান কৰে সুস্মিতা দেৱনাথে। ধিং মহাবিদ্যালয়ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে ধূপগুৰি কছাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, ধূপগুৰি কছাৰী গাঁৱৰ ৰাইজৰ অংশ গ্ৰহণেৰে অন্যন্য পৰিবেশৰ মাজত অনুুষ্ঠিত শিবিৰত ধূপগুৰি কছাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী গুনমাই বসুমতাৰী, ধূপগুৰি কছাৰী গাঁৱৰ গাঁওবুঢ়া খৰ্গেশ্বৰ মহেলা, বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমনি গোস্বামীকে প্ৰমুখ্য কৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে জনজাতীয় গাঁৱৰ ৯৭ ঘৰ লোকৰ ঘৰত গৈ এক আৰ্থ সামাজিক পিয়ল চলায়।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Comments (0)
Add Comment