নাটকৰ কৰ্মশালা অনুষ্ঠিত

অভিনয় ভাল পোৱা এজাক কিশোৰ-কিশোৰী, একো একোজন সৃষ্টিশীল মনৰ অধিকাৰী হৈ অভিনয়ৰ যোগেদি জীৱনক আগবঢ়ায় নিয়াৰ সুযোগ দিয়াৰ মানসৰে দক্ষিণ কামৰূপৰ অন্যতম সেচ্ছাসেৱী সংগঠন ‘ঐক্যতা’ৰ কালিৰে পৰা ১৫ দিনীয়াকৈ তৃতীয় বাৰ্ষিক বিনামুলীয়া নাট কৰ্মশালাখনি অনুষ্ঠিত হৈছে। পুৱা ৯ বজাত ‘ঐক্যতা’ৰ সভাপতি ধৰ্মেন্দ্ৰ দাসে পতাকা উত্তোলনৰ পিছতেই বৃক্ষ ৰোপন কৰে সাংবাদিক তথা আপকু, কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক নীৰেন চন্দ্ৰ মালী আৰু ‘ঐক্যতা’ৰ সাধাৰণ সম্পাদক জীতুমণী দাসে। উক্ত কাৰ্যসূচীৰ আঁত ধৰে ‘ঐক্যতা’ৰ সাংস্কৃতিক সম্পাদক দিৱস দাস আৰু বিশেষভাৱে সহযোগিতা আগবঢ়ায় ‘ঐক্যতা’ৰ কোষাধ্যক্ষ বিকাশ দাসে। পোন্ধৰ দিনীয়াকৈ অনুষ্ঠিত হ’ব লগা নাট কৰ্মশালাত প্ৰশিক্ষক হিচাপে থাকিব বিশিষ্ট নাট্যকাৰ, পৰিচালকদ্বয় অভিনেতা চম্পক শৰ্মা, হিমাংশু প্ৰসাদ দাস, অভিনেতাক্ৰমে অংশুমান ভূঞা , হিৰন্য দাস, ৰূপম দাস, অপুৰ্ব বৰ্মন, উপস্থিত থাকিব। শুভাৰম্ভণী অনুষ্ঠানত নাট কৰ্মলাশাত অংশ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকল উপস্থিত থাকে।

Comments (0)
Add Comment