নৃত্যশিল্পী জ্যোতি হাজৰিকালৈ নৃত্যশ্রী বঁটা

নৰ্থ ইষ্ট ভিচনৰ সৌজন্যত অনলাইন যোগে অনুষ্ঠিত হোৱা দ্বিতীয় আন্ত: ৰাষ্ট্ৰীয় আৰু ষষ্ঠ ৰাষ্ট্ৰীয় পৰ্যায়ত সংগীত বাদ্যযন্ত্ৰ আৰু নৃত্য মহোৎসৱত অংশ গ্ৰহণ কৰি জ্যোতি হাজৰিকাই নৃত্যশ্রী বঁটাৰে সন্মানিত হয়। সংস্কৃতি সংগম ২০২০ অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ গুজৰাট, মধ্যপ্ৰদেশ, কলিকতা, দিল্লী , হাৰিয়ানা, চৰাইবাহী, গোলাঘাট ইত্যাদি ঠাইৰ শিল্পীসকলে অংশ গ্ৰহণ কৰে।
 
 
ইয়াৰ পূৰ্বে ৫ জানুৱাৰীত ডেৰাডুন, উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত জ্যোতি হাজৰিকাক কৰ্মৰত্ন বঁটাৰে সন্মানিত কৰা হৈছিল । বিভিন্ন দিশত দখল থকা প্ৰতিভাবান হাজৰিকা বৰ্তমান হোজাইস্থিত মৰিয়ম আজমল ওমেন্স কলেজ অৱ চাইন্স এণ্ড টেকনলজি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা হিচাপে কৰ্মৰত ৷

Comments (1)
Add Comment
  • Shahin sultana

    Congratulation mam you are my ideal or you always inspire me