নৱপ্ৰজন্মক কৃষি ক্ষেত্ৰত মনোনিবেশ কৰাৰ আহ্বান কৃষিমন্ত্ৰীৰ

অসম চৰকাৰে ৰাজ্যৰ কৃষি খণ্ডৰ আন্তঃগাঁথনি অব্যাহত ৰখাৰ বাবে চেষ্টা অবাহত ৰাখিছে। আনকি কৃষি কৰ্মক লকডাউনৰ বৃত্তি হিচাপে উঠি অহা যুৱ চামে যাতে গ্ৰহণ কৰে তাৰ বাবেও ৰাজ্য চৰকাৰৰ কৃষি বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই মন্তব্য অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাৰ।
 
 
 
বৰঝাৰ স্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত কাৰ্গো বিমানেৰে সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ ডুবাইলৈ দহ মেট্ৰিক টন ৰঙালাউ ৰপ্তানী কৰা উপলক্ষে সাংবাদিকৰে বৃহস্পতিবাৰে বিয়লি হোৱা চমু বাৰ্তালাপত এনেদৰে মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই। মন্ত্ৰী গৰাকীয়ে কয় যে দেশত সম্প্ৰতি ক’ৰণা ভাইৰাছৰ কাৰণে যিটো পৰিস্থিতি চলি আছে এই সময়ত কৃষিত বাদে আন উপায় নাই। এনে সময়তে কৃষক সকলৰ দৰে উঠি অহা যুৱক সকলেও কৃষিৰ জৰিয়তে ভৰণ পোষণৰ দায়িত্ব ল’ব লাগে। বান পৰিস্থিতিৰ সৈতে সহাৱস্থান কৰি বানৰ সময়তো নষ্ট নোহোৱা বীজ কৃষক সকলে ৰোপণ কৰাৰ ক্ষেত্ৰত কৃষি বিভাগে গুৰত্ব আৰোপ কৰিছে। আনহাতে দুৰ্যোগ ব্যৱস্থাপনাৰ অধীনত লকডাউন বা প্ৰাকৃতিক কাৰণত নষ্ট হোৱা কৃষিজাত সামগ্ৰীৰ ক্ষতিপূৰণ যাতে কৃষকসকলে লাভ কৰিব পাৰে তাৰ বাবে কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই।

Comments (0)
Add Comment