নৱ নিযুক্ত প্ৰভাৰী মনোজ বৰা,আদৰণি জনাবলৈ মৰিয়ণী বি জে পিৰ বিশাল শোভাযাত্ৰাই গেৰুৱাকৰণ কৰিলে মৰিয়ণীৰ ৰাজপথ

এইবাৰ বিজেপিয়ে কাঢ়ি ল’ব নেকি মৰিয়ণি। ৰূপজ্যোতি কুৰ্মী বুলি কলেই এক বিশেষ আচৰণৰ কথা ৰাইজে জানে। এইবাৰ বিজেপি দলে এই সমষ্টিটো নিজৰ হাতলৈ আনিবলৈ এক প্ৰকাৰ দৃঢ় সংকল্প লৈছে। সেয়ে সমষ্টিটোত বিজেপি দলে প্ৰভাৰী হিচাপে নিয়োগ কৰিছে , দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক মেডিয়া চেলৰ আহবায়ক দক্ষ সাংগঠনিক ক্ষমতা থকা যুৱ নেতা মনোজ কুমাৰ বৰাক।
 
প্ৰভাৰীৰ বিশেষ দায়িত্ব লাভ কৰিয়েই আজি প্ৰথম সমষ্টিটোত প্ৰৱেশ কৰে।মনোজ বৰাক আদৰণি জনাবলৈ আজি মৰিয়ণি সমষ্টিৰ বিজেপি কৰ্মকৰ্তা সকলে বি জে পি যোৰহাট জিলাৰ প্ৰভাৰী সুৰঞ্জন দত্তৰ সহযোগত উলিয়াই বৃহৎ সমদল। উল্লেখযোগ্য যে মৰিয়ণি সমষ্টিত বৰাই হৈছে দলৰ প্ৰথমজন প্ৰভাৰী। আজি উলিওৱা বৃহৎ সমদলে সমগ্ৰ মৰিয়ণি গেৰুৱা কৰা পৰিলক্ষিত হয়।

Comments (0)
Add Comment