ধৰিত্ৰী দিৱসত সংকল্প লও আহক -ধৰণীক সজাল কৰো

আজি বিশ্বৰ ধৰিত্ৰী দিৱস।প্ৰতি বছৰে এই দিৱস বিশ্বৰ ১৯৩ খন দেশে পালন কৰি আহিছে।এই দিৱস পালনৰ একমাত্ৰ উদেশ্য হৈছে বিশ্ব প্ৰকৃতিৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা।উল্লেখযোগ্য যে ১৯৭০ চনৰ আজি এই দিনটোত প্ৰথমে আমেৰিকাত ধৰিত্ৰী দিৱস উদযাপন কৰা হৈছিল।এইবাৰৰ ধৰিত্ৰী দিৱসৰ থিম হ’ল Restore our earth.
আমি প্ৰত্যেকেই প্ৰকৃতিক সংৰক্ষণ কৰিব লাগে। কেৱল পৰিবেশ দিৱস অৰ্থাৎ ধৰিত্ৰী দিৱসতেই নহয় একোটাকৈ গছ পুলি প্ৰতি দিনে প্ৰত্যেকেই ৰোপন কৰিব লাগে।আজিৰ পৰা যদি ১২ হাজাৰ বছৰৰ আগলৈ উভতি চাও, পৃথিৱীখন ইমান প্ৰদূষণৰে পৰিপূৰ্ণ নাছিল।ঔদ্যোগিকৰণে প্ৰকৃতিৰ ওপৰত পৰোক্ষভাৱে বিৰূপ প্ৰভাৱ পেলাইছে। যাৰ দুৰ্ভোগ আজি আমি ভুগিবলৈ পাইছো।
ইয়াৰ সমান্তৰালকৈ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰণা ভাইৰাছ স্বাভাৱিক জীৱন যাত্ৰালৈ পৰিবৰ্তন আনিছে। এক কথাত ক`বলৈ গলে প্ৰকৃতিয়ে নিজকে এই সময়ত শোধিত কৰিছে।যাৰ প্ৰতিচ্ছবি বিগত সময়ত আমি পাৰিপাৰ্শ্বিক অৱস্থাত দেখা পাইছিলো।আমি সকলোৱে বুজি উঠা উচিত পৰিৱেশ তথা পাৰিপাৰ্শ্বিক অৱস্থা সেউজময় হৈ থাকিলেহে পৃথিৱী আয়ুস থাকিব।অন্যথা অতিমাৰী মহামাৰী অচিন বেমাৰে,প্ৰাকৃতিক দুৰ্যোগ জীৱকুললৈ সংকট কঢ়িয়াই আনিব।
অৰণ্য মানৱ যাদৱ পায়ঙে অথবা নলবাৰী মেণ্ডেলা দৰে যদি সকলোৱে বৃক্ষ ৰোপনৰ প্ৰতি আগ্ৰহী হৈ উঠে।নিশ্চয়কৈ এখন সেউজ অসমৰ আশা কৰিব পাৰি।আহক আজিয়েই নামি পৰো পৃথিৱী বচোৱাৰ অভিযানত।

Comments (0)
Add Comment