পশ্চিম গুৱাহাটীৰ সৰু আগছিয়াত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন

ৰাজ্যৰ আন অঞ্চলৰ লগতে পশ্চিম গুৱাহাটীৰ বৰঝাৰস্থিত সৰু আগছিয়া প্ৰাথমিক বোৱা কটা সমবায় সমিতি লিমিটেডৰ উদ্যোগত আজি ক’ভিড বিধি অনুসৰি অনুষ্টুপিয়াকৈ সপ্তম ৰাষ্ট্রীয় হস্ততাঁত দিৱস উদযাপন কৰা হয় । এই উপলক্ষে সমিতিৰ সভানেত্ৰী ধৰিত্ৰী দাসে কেক কাটি শুভাৰম্ভ কৰা সভাখনত সম্পাদিকা গীতা মণ্ডল ডেকাই ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰে আৰু ব্যৱসায়িক ভিত্তিত হস্ততাতক গ্ৰহণ কৰিবলৈ উপস্থিত মহিলা সকলক আহ্বান জনায় । সভাত স্থানীয় শিপিনী ক্ৰমে বিবি কলিতা , নিৰু কলিতা , লিলি বৈশ্য , ৰীতা মণ্ডল , প্ৰণীতা মেধি , কবিতা মেধি উপস্থিত থাকে । সভাত সমিতিৰ ফালৰ পৰা উপস্থিত শিপিনী মহিলা কেইগৰাকীক সন্মান যাঁচে।

Comments (0)
Add Comment