প’হিলা ব’হাগৰ দিনাই চৰাইদেউ জিলাত ৪৫ গৰাকী বিশিষ্ট কবিক বহাগী বৰণ প্ৰদান

কেৱল কবিতাহে উচ্চ স্তৰৰ সাংস্কৃতিক মানসিকতা সৃষ্টি কৰিব পাৰে । এই কথা সৰোগত কৰি সদৌ অসম কবি সন্মিলনে কবিতাক জনমুখী কৰাৰ লগতে নৱ প্ৰজন্মক কবিতাৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্য আগত ৰাখি সদৌ অসম কবি সন্মিলনে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে । ইয়াৰ অংশস্বৰুপে প’হিলা ব’হাগৰ দিনটোতে ৬০বৰ্ষৰ উৰ্দ্ধৰ কবি তথা কাব্যপ্ৰেমী সকলক কবি সন্মিলনৰ তৰফৰ পৰা বহাগী বৰণ প্ৰদান কৰে । আজি চৰাইদেউ জিলা কবি সন্মিলনৰ বৰহাট, সাপেখাতী, সোণাৰি,ভজো,মাহমৰা,নিজখালৈঘোগোৰা, পাটসাঁকো, লাকুৱা আৰু মৰাণ কবি চক্ৰৰ ৯টা শাখাত ৪৫জন কবিক বহাগী বৰণ প্ৰদান কৰা হৈছে বুলি চৰাইদেউ জিলা কবি সন্মিলনৰ সম্পাদক ৰুস্তম গগৈয়ে জনাইছে।
খবৰ যুগুতালে চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাইয়ে..

Comments (0)
Add Comment