পাব্লিক ৰিলেশ্ব্যন ছ`ছাইটী অৱ ইণ্ডিয়া গুৱাহাটী শাখাৰ উদ্যোগত পঞ্চম উত্তৰ পূৰ্বাঞ্চল পাব্লিক ৰিলেশ্ব্যন কনক্লেভ

পাব্লিক ৰিলেশ্ব্যন ছোছাইটী অব ইণ্ডিয়া, গুৱাহাটী শাখাৰ উদ্যোগত ৮ জানুৱাৰীত গুৱাহাটী মহানগৰীত আয়োজন কৰা হৈছে পাব্লিক ৰিলেশ্ব্যন কনক্লেভ।মহানগৰীৰ লেণ্ডমাৰ্ক হোটেলত পুৱা ৯.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব পঞ্চম উত্তৰ-পূৰ্বাঞ্চল পাব্লিক ৰিলেশ্ব্যন কনক্লেভ।পাব্লিক ৰিলেশ্ব্যন ছ`ছাইটী অৱ ইণ্ডিয়া, গুৱাহাটী শাখাৰ সভাপতি মধুচন্দা অধিকাৰীয়ে জানিবলৈ দিয়া মতে, উক্ত পাব্লিক ৰিলেশ্ব্যন কনক্লেভত আলোচনা হ’বলগীয়া বিষয়বস্তু হৈছে “পি আৰ ইন এক্সন ডিউৰিং ডিজাষ্টাৰ টাইমচ। ইয়াৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা(আই. এ. এছ), অতিথিৰূপে থাকিব উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ সঞ্চালক অনশূল গুপ্তা ।আনহাতে, প্ৰথম ভাগত এই বিষয়বস্তু সম্পৰ্কে মতামত আগবঢ়াব ডঃ লস্কমনন (আই. এ. এছ), ডঃ জয়ন্ত দাসে ।একেদৰে দ্বিতীয় ভাগত এই বিষয়বস্তু সন্দৰ্ভত নিজৰ বহুমূলীয়া মতামত আগবঢ়াব জাহ্নৱী ফুকন আৰু মিগেল দাস কোৱাহে।আনহাতে সামৰণি অনুষ্ঠানত মত বিনিময় কৰিব অসমীয়া চলচ্চিত্ৰ জগতৰ বিশিষ্টা অভিনেত্ৰী চেতনা দাস আৰু বিশিষ্ট মুকাভিনেতা মইনুল হকে।

Comments (0)
Add Comment