পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী হিচাপে ৰোহিনী বল্লভ শইকীয়াৰ দায়িত্বভাৰ গ্ৰহণ

অসম চৰকাৰৰ বন বিভাগৰ গুৱাহাটীৰ বশিষ্ঠস্থিত পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী হিচাপে ২৩ জুলাইত দায়িত্বভাৰ গ্ৰহণ কৰিছে ভাৰতীয় বন সেৱাৰ বিষয়া ৰোহিনী বল্লভ শইকীয়াই । তেওঁ বিদায়ী বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে । আনহাতে এই উপলক্ষে কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত বিদায়ী আৰু নৱনিযুক্ত দুয়োজন বন সংমণ্ডল প্ৰাধিকাৰীক সংমণ্ডলত কৰ্মৰত সহকাৰী বন সংৰক্ষক , সংমণ্ডলৰ অধীনৰ বনাঞ্চলিক বিষয়া আৰু খণ্ড বন কাৰ্য্যালয়ৰ খণ্ড বিষয়া সকলে শৰাই , জাপি , গামোছা আৰু ফুলৰ থোপাৰে আদৰণি জনায় । অনুষ্ঠানত বিদায়ী বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই বিগত বৰ্ষৰ ডিচেম্বৰ মাহত যোগদান কৰাৰ পাছৰে পৰা যোৱা সাত মাহত কাৰ্যালয়ৰ সহকাৰী বন সংৰক্ষকৰ পৰা আৰম্ভ কৰি ফিক্সড পে হাৰত বেতন পোৱা বনকর্মীলৈকে তেওঁক কৰা সহায় সহযোগিতাৰ শলাগ লয় । তেনেদৰে নৱনিযুক্ত ৰোহিনী বল্লভ শইকীয়ায়ো চমু ভাষণত সকলোৰে সহায় সহযোগত বনাঞ্চল ৰক্ষাকে ধৰি বিভাগীয় কাম কাজ সম্পন্ন কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে।
বাতৰি যুগুতালে ছয়গাঁৱৰ পৰা জিতু মণি দাসে

Comments (0)
Add Comment