প্লাষ্টিকেৰে ইন্ধন প্ৰস্তুত কৰিছে নলবাৰীৰ এজন যুৱকে

প্লাষ্টিক প্ৰদূষণ ৰোধৰ অন্যতম উপায় অৱলম্বন কৰি নলবাৰী খুৰছেদ আলীয়ে বিশেষভাৱে চৰ্চা লাভ কৰিছে ।নলবাৰী ২নং লাৰকুছিৰ খুৰছেদে পে’ট্ৰল, ডিজেল সদৃশ ইন্ধন উদ্ভাৱন কৰি পৰীক্ষণমূলকভাৱে সফলতা লাভ কৰিছে ।উল্লেখযোগ্য যে খুৰছেদে প্ৰস্তুত কৰা ইন্ধন  বাইক, টেম্পোত ব্যৱহাৰ হৈছে বুলি জানিব পৰা গৈছে ।প্ৰায় এমাহ জোৰা প্ৰস্তুতিৰে খুৰছেদে এই সফলতা লাভ কৰিছে বুলি জানিবলৈ দিছে।স্মতৰ্ব্য যে ইউটিউৱৰ এটা ভিডিঅ’ চাই খুৰছেদে এনেধৰণৰ ইন্ধন প্ৰস্তুত কৰাৰ বাবে ধাৰণা লাভ কৰিছিল ।এই ইন্ধন উদ্ভাৱনৰ পিছতেই বিভিন্ন লোকে খুৰছেদৰ ঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ।খুৰছেদৰ উদ্ভাৱনে পৰীক্ষণমূলক লাভ কৰা সফলতাই আশাৰ বতৰা কঢ়িয়াই আনিছে।সহযোগ কৰিলে নলবাৰীৰ পৰা কল্যাণ কলিতা আৰু সংগীতা মেধিয়ে।

Comments (0)
Add Comment