প্ৰজাপতিয়ে প্ৰস্তুত কৰিছে হাড়গিলা আৰ্হিৰ গহনা

হাড়গিলা চৰাইৰ আৰ্হি গহনা প্ৰস্তুত কৰিছে গুৱাহাটীৰ প্ৰজাপতি নামৰ এক গহনা বিপনীয়ে। নতুন আৰ্হিত প্ৰস্তুত কৰা হাড়গিলা চৰাইৰ অলংকাৰ বিধে সম্প্ৰতি বেচ সমাদৰ লাভ কৰিছে।
 
 
এই সম্পৰ্কে প্ৰজাতিৰ স্বত্বাধিকাৰী পল্লৱী হাজৰিকাই কয় যে গ্ৰীণ অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনৰ এক প্ৰকল্পক সহায়ক হোৱাকৈ গহনা খিনি প্ৰস্তুত কৰা হৈছে।উল্লেখযোগ্য যে হাড়গিলা চৰাই সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱী বৰ্মনে বিভিন্ন ঠাইত সজাগতা সৃষ্টি কৰি আহিছে।
 
 
তেখেতে ৰাষ্ট্ৰীয় আন্ত:ৰাষ্ট্ৰীয় বিভিন্ন আলোচনাচক্ৰত অংশগ্ৰহণ কৰোতে হাড়গিলাৰ প্ৰতিছবি সম্বলিত পোচাক পৰিধান কৰাৰ লগতে বাবে গহনাও পৰিধান কৰিব বিচাৰিছে। স্মতৰ্ব্য যে এই অলংকাৰ বিধ ৰূপত প্ৰস্তুত কৰা হৈছে।গহনা বিধ আনুষ্ঠানিকভাৱে মুকলি হ’লে গ্ৰাহকে আৰু সমাদৰ কৰিব বুলি প্ৰস্তুতকৰ্তা আশাবাদী।

Comments (0)
Add Comment