প্ৰতিমা পাণ্ডে বৰুৱাৰ মৃত্যুবাৰ্ষিকী পালন

আজি সমগ্ৰ ৰাজ্যজুৰি পালন হৈছে প্ৰতিমা পাণ্ডে বৰুৱাৰ ১৮ সংখ্যক মৃত্যুবাৰ্ষিকী।সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ চানমাৰীৰ শ্বহীদ উদ্যানত লোকশিল্পীগৰাকী স্মৰণ কৰিছে।দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠান উদযাপন হৈছে।
এই অনুষ্ঠানতে প্ৰতিমা পাণ্ডে বৰুৱাৰ স্মাৰক বঁটা প্ৰদান কৰা হ’ব।বিশিষ্ট শিল্পী পৱিত্ৰ ৰাভাক এই বৰ্ষৰ প্ৰতিমা পাণ্ডে বঁটা আগবঢ়োৱা হ’ব।চানমাৰিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক,মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য্য লগতে বহু কেইগৰাকী বিশিষ্ট উপস্থিত থাকে।

Comments (0)
Add Comment