প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ উদ্যোগত আন্তঃ মণ্ডল এক মিনিটৰ ড্ৰীল, দক্ষতা প্ৰতিযোগিতা আৰম্ভ

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ উদ্যোগত আজিৰে পৰা মিৰ্জাৰ জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট) চৌহদত আৰম্ভ হৈছে আন্তঃ মণ্ডল এক মিনিট ড্ৰীল, দক্ষতা প্ৰতিযোগিতা। প্ৰতিযোগিতাত দেশৰ চাৰিটা মণ্ডলৰ মুঠ ৮৮ জন প্ৰতিযোগীয়ে ভাগ লৈছে। আনহাতে প্ৰতিযোগিতাখন উদ্ধোধন কৰে প্ৰথম এন ডি আৰএফ বেটেলিয়ানৰ কমাণ্ডেণ্ট এইছ পি এছ কাণ্ডাৰীয়ে। চমু অনুষ্ঠানত ডেপুটী কমাণ্ডেণ্টদ্বয় অনিল চৌহান আৰু ডাঃ তেজ বাহাদুৰ, সহকাৰী কমাণ্ডেণ্ট সঞ্জীৱ কুমাৰ সিঙকে ধৰি বাহিনীটোৰ কেবাজনো বিষয়া উপস্থিত থাকে। আনহাতে ২৪ ডিচেম্বৰত সামৰণি পৰিবলগীয়া প্ৰতিযোগিতাখনত মূলত প্ৰাকৃতিক বা মানৱসৃষ্ট দুৰ্যোগ সংঘটিত হ`লে সকলো বাধা নেওচিও এক মিনিটৰ ভিতৰত পেশাদাৰী দক্ষতাৰে কেনেদৰে আবদ্ধ, আক্ৰান্ত লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব পাৰি তাক প্ৰদৰ্শন কৰা হয়।

Comments (0)
Add Comment