প্ৰধানমন্ত্ৰী লেহ ভ্ৰমণ কৰা পিছতেই দুয়োখন দেশে লৈছে এই সিদ্ধান্ত,কিন্তু কি এই সিদ্ধান্ত

দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লেহ ভ্ৰমণ কৰাৰ পিছতেই প্ৰকাশিত হৈছে ভাৰত চীন লাডাখ সীমান্তৰ বহু গুৰুত্বপূৰ্ণ তথ্য। ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাধ্যম অথবা চ’চিয়েল মিডিয়াত এই বিষয়ত ইতিমধ্যে বহু বাতৰি সম্প্ৰচাৰিত হৈছে।
 
 
দুয়োখন দেশৰ সৈন্যই লাডাখ সীমান্তৰ পৰা কিছু কিলো মিটাৰ পিছুৱাই গৈছে। সীমান্তত ১৪টা পেট্ৰ’লিং ইউনিটে পেট্ৰ’লিং কৰাৰ কথা জানিব পৰা গৈছে। অস্থায়ী শিবিৰ সমূহো উঠোৱাৰ কথা প্ৰকাশ পাইছে। উলেখযোগ্য যে ১৯৬২চনৰ যুদ্ধৰ পিছতো চীনা সৈন্যই পিছুৱাই গৈছিল।
 
 
এই সময়তে একাংশৰ মাজত চৰ্চিত হৈছে প্ৰধানমন্ত্ৰী লেহৰ ভাষণ প্ৰসংগ। কিয়নো মোডীয়ে লেহত উপস্থিত হৈ দখলদাৰী নীতিৰ সময় এতিয়া উকলিছে আৰু দখলদাৰী শক্তিবোৰে পিছ হুঁহকিবলৈ বাধ্য হৈছিল বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছতেই চীনৰ বৈদেশিক মন্ত্ৰালয় আৰু ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ অধিনায়কৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল।সম্প্ৰতিও দুয়োখন দেশৰ সীমান্তৰ পৰা সৈন্য পিছুৱাই গৈছে বুলি জানিব পৰা গৈছে।

Comments (0)
Add Comment