প্ৰাকৃতিক পৰিবেশ জীয়াই ৰাখিবলৈ এদল ছাত্ৰ ছাত্ৰীয়ে পদক্ষেপ গ্ৰহণ কৰিছে

আজিৰ পৰা কিছুদিনৰ আগতে চুইডেনৰ সংসদৰ সন্মুখত জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্কে গ্ৰেটা থানবেৰ্গে প্ৰতিবাদ সাব্যস্ত কৰিছিল।বতৰৰ সঘন পৰিৱৰ্তনে প্ৰকৃতি পৰিবেশলৈ যে ভাবুকি কঢ়িয়াই আনিছে সেই সম্পৰ্কে দেশৰ চৰকাৰক অৱগত কৰিছিল।যাৰ বাবে এই খবৰে সমগ্ৰ দেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল ।গ্ৰেটাৰ আদৰ্শক শিৰোগত কৰি মহানগৰীৰ কেইখনমান শিক্ষানুষ্ঠানৰ সচেতন ছাত্ৰ ছাত্ৰী ৰাজপথলৈ আজি ওলায় আহিল।হাতে হাতে পোষ্টাৰ, বেনাৰ প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ বাবে সজাগতা সৃষ্টি কৰে।জানিব পৰা মতে প্ৰতি শুক্ৰ বাৰে তেওঁলোকে এনেধৰণৰ কাৰ্য্যসূচী গ্ৰহণ কৰিব।আজি অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সন্মুখত ছাত্ৰ ছাত্ৰী কেইগৰাকীয়ে কাৰ্য্যসূচী ৰূপায়ন কৰে।আগন্তুক দিনত বিভাগীয় কৰ্তৃপক্ষৰ প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ বাবে অৱগত কৰিব বুলি মন্তব্য কৰে।

Comments (0)
Add Comment