পৰিবৰ্ত্তনৰ দিশে ভাৰতীয় অৰ্থনীতি

দুৰ্নীতি, জালনোটৰ বেহা আদিবোৰ ৰোধ কৰাৰ বাবে চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। উল্লেখযোগ্য যে ৮ নবেম্বৰৰ মাজনিশাৰ পৰা প্ৰচলন বন্ধ হৈছে ৫০০ আৰু ১০০০ টকীয়া নোটৰ ।এই সন্দৰ্ভত দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে এক সংবাদ মেলত ঘোষণা কৰে যে ৯ আৰু ১০ তাৰিখে এ টি এম সেৱা বন্ধ থাকিব । প্ৰচলন বন্ধ কৰা ৫০০ আৰু ১০০০ টকা যি সকলে লোকে জমা দিব বিচাৰে, ৩০ ডিচেম্বৰ লৈকে বেংকত জমা দিব পাৰিব। আনহাতে যি সকল লোকে ১০০০ আৰু ৫০০ টকা ৩০ ডিচেম্বৰ ভিতৰত জমা কৰিব নোৱাৰে ২০১৭ চনৰ ৩১ মাৰ্চৰ ভিতৰত পৰিচয় পত্ৰ দেখুৱাই বেংকত জমা কৰিব পাৰিব। 

স্মৰ্তব্য যে জমা নিদিও বুলি কোনোয়ে ৰাখি থোৱা ৫০০ আৰু ১০০০ টকীয়া নোটৰ ভাৰতবৰ্ষত কোনো মূল্য নাথাকিব। চৰকাৰৰ এনে ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত দেশৰ অৰ্থনীতিত এক পৰিৰ্ত্তনৰ সূচনা হ’ব বুলি আশা কৰা হৈছে।

Comments (0)
Add Comment