পৰিৱেশ ব্যৱস্থাপনাত উৎকৃষ্টতাৰ বাবে এন আৰ এলক ফেম ইণ্টাৰনেশ্বনেল এৱাৰ্ড ২০২০-২১ প্ৰদান

পৰিৱেশ ব্যৱস্থাপনাৰ দিশত সৰ্বোত্তম ব্যৱস্থা গ্ৰহণ কৰি নিজৰ বহনক্ষম প্ৰয়াসৰ বাবে এন আৰ এলক প্লেটিনাম শ্ৰেণীত মৰ্য্যদাপূৰ্ণ ফেম ইণ্টাৰনেশ্বনেল এৱাৰ্ড ২০২০-২১ ফৰ এক্সচেলেন্স ইন এনভাইৰনমেণ্ট মেনেজমেণ্ট বঁটাৰে সন্মানিত কৰা হৈছে । ২৯ জুলাইত চিমলাত আয়োজিত ফেম ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলনৰ বঁটা বিতৰণ সমাৰোহত এই বঁটা প্ৰদান কৰে কমলেশ কুমাৰ পন্ট আই এ এছ,বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰধান সচিব তথা বিত্তীয় আয়ুক্ত ,হিমাচল প্ৰদেশৰ চৰকাৰ আৰু অধ্যক্ষ হিমাচল প্ৰদেশ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।বঁটা বিতৰণী সমাৰোহত হিমাচল প্ৰদেশ চৰকাৰৰ সঞ্চালক সুদেশ কুমাৰ মোখতা, আই এ এছ,আৰু সঞ্চালক ডি ডি শৰ্মা,অধ্যক্ষ,ফেম ইণ্ডিয়া আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।এখন প্ৰশস্তি পত্ৰ আৰু এটা ট্ৰফীসহ এই বঁটা গ্ৰহণ কৰে এন আৰ এলৰ জ্যেষ্ঠ প্ৰবন্ধক,কাৰিকৰী সেৱা কপিল মেধীয়ে।
ফেম ইণ্ডিয়া হৈছে ভাৰতীয় মূলৰ ব্যক্তি সকলৰ এক পঞ্জীকৃত লাভ-বিহীন সংগঠন।সংগঠনটোৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় আৰ্থিক আৰু সামাজিক বিকাশৰ ক্ষেত্ৰত উৎকৃষ্ট বৰঙণি যোগোৱা ব্যক্তি আৰু সংগঠন ,সংঘ সমূহক চিনাক্ত কৰা আৰু সন্মানিত কৰিবৰ বাবে পুৰস্কাৰ সমাৰোহ আয়োজন কৰা আৰু সামাজিক বিষয়,মহিলাৰ আত্মৰক্ষা কাৰ্যসূচী, মহিলা সৱলীকৰণ আৰু শিক্ষাৰ ওপৰত সজাগতা কাৰ্যক্ৰম আয়োজন কৰা।পৰিৱেশ সংৰক্ষণ, বৃক্ষৰোপন আৰু অন্য সামাজিক কাম কাজ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰি তোলা।

Comments (0)
Add Comment