পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা

পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷কাজিৰঙাৰ মিহিমুখত বনমন্ত্ৰী পৰিমল শুক্লবদ্য, কৃষিমন্ত্ৰী অতুল বৰা ,জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ধেমাজিৰ বিধায়ক ৰনোজ পেগু আৰু পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ফিটা কাটি পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে ৷ উল্লেখ্য যে প্ৰতিকূল বতৰৰ বাবে আজি কেৱল ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰীহে মুকলি কৰা হৈছে ৷ পৰৱৰ্তী সময়ত হাতী ছাফাৰীৰ লগতে উদ্যানৰ আগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চল মুকলি হ’ব বুলি বন বিভাগৰ সূত্ৰই জানিবলৈ দিছে ৷ আনহাতে আজি বাগৰি বনাঞ্চলো পৰ্যটকৰ বাবে মুকলি কৰা হয় ৷ উদ্যান মুকলিৰ প্ৰথম দিনা কিছু সংখ্যক দেশী বিদেশী পৰ্যটক উপস্থিত থাকে ৷ উদ্যান মুকলিৰ পাছত কাজিৰঙা জীপ ছাফাৰী সংস্থাই আয়োজন কৰা সাংস্কৃতিক শুভাযাত্ৰাত অংশ লয় মন্ত্ৰী অতুল বৰাৰ লগতে বিধায়ক ৰনোজ পেগুৱে ৷ জানিব পৰা মতে বিগত বৰ্ষত উদ্যানখনৰ পৰা প্ৰায় ৫লাখ টকা ৰাজহ সংগ্ৰহ হৈছিল ৷আজি মুকলি অনুষ্ঠানত ফিনলেণ্ড,জাৰ্মানী,ইটালীৰ কেবাগৰাকী পৰ্যটক উপস্থিত থাকে ৷খবৰ যুগুতালে কাজিৰঙাৰ পৰা দিব্য জ্যোতি হাজৰিকাই ৷


Comments (0)
Add Comment