ফটাশিল আমবাৰীৰ প্ৰাইম মবিলিটিত দুচকীয়া ইলেকট্ৰনিক বাহনৰ বিপনি মুকলি

ফটাশিল আমবাৰীৰ প্ৰাইম মবিলিটিত দুচকীয়া ইলেকট্ৰনিক বাহনৰ বিপনি মুকলি

দেশৰ দুচকীয়া ইলেকট্ৰনিক বাহন নিৰ্মাতা অগ্ৰণী কোম্পানী “বেনলিং ইণ্ডিয়া এনাৰ্জী এণ্ড টেকনোলজী প্ৰাইভেট লিমিটেডৰ ( বি ই এন এল জি ) এখন বিপনি সোমবাৰে এ কে দেব পথৰ ফটাশিল আমবাৰীৰ তুলা ফেক্টৰীত মুকলি কৰা হয় । বিপনিখন মুকলি কৰে বিশিষ্ট অভিনেতা যতীন বৰা আৰু প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত যতীন বৰাই কয় বৰ্তমানৰ পৰিৱৰ্তিত পৰিস্থিতিত প্ৰদূষণৰ মাত্ৰা কম কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইলেকট্ৰনিক বাহনৰ চলাচলত গুৰুত্ব আৰোপ কৰিছে । তেনেদৰে ডিজেল বা পেট্ৰলচালিত বাহনত হোৱা ইন্ধনৰ ব্যয়ৰ তুলনাত ইলেকট্ৰনিক বাহনৰ খৰছ বহুত কম । আনহাতে প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই এনে ধৰণৰ বিপনি স্থাপন কৰিবলৈ আগবাঢ়ি অহা বাবে দুই শিক্ষিত উদ্যমী যুৱক অংশুমান গোস্বামী আৰু অৰ্ণব কুন্দুৰ শলাগ লয় । উল্লেখযোগ্য যে ৰাজসাহায্যযুক্ত এই ইলেকট্ৰনিক দুচকীয়া বাহনখন দুটা মডেলত উপলব্ধ হব । ইয়াৰে চাৰিটা ৰঙত উপলব্ধ হবলগীয়া হাইস্পীদ মডেলৰ দাম হব প্ৰায় ১.১২ লাখ টকা আৰু ইয়াক এবাৰ সম্পূৰ্ণকৈ চার্জ দিলে প্ৰায় ১০০ কিঃমিঃ দূৰত্বলৈ চলাব পাৰিব । তেনেদৰে লো স্পিড মডেলৰ দাম হব প্ৰায় ৭০ ৰ পৰা ৮০ হাজাৰ টকাৰ ভিতৰত আৰু এবাৰ সম্পূৰ্ণকৈ চার্জ দিলে ই ৬০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰিব পাৰিব ।

Comments (0)
Add Comment